পৰ্যটকৰ সৈতে অশালীন আচৰণ! জয়পুৰত বিদেশী পৰ্যটকক দুৰ্ব্যৱহাৰ কৰা অটো চালকক গ্ৰেপ্তাৰ

Rashmi March 25, 2026

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ৰাজধানী জয়পুৰত আতিথ্য আৰু পৰ্যটকৰ সুৰক্ষাক লৈ পুনৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। এগৰাকী বিদেশী মহিলা পৰ্যটকক ৰাজহুৱা স্থানত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত জয়পুৰ আৰক্ষীয়ে এজন অটো চালকক কৰায়ত্ত কৰিছে। 

ছ'চিয়েল মিডিয়াত এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ দ্ৰুতগতিত বিয়পি পৰাৰ পিছতে আৰক্ষী প্ৰশাসনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।


প্ৰাপ্ত তথ্য অনুসৰি, এগৰাকী বিদেশী মহিলা পৰ্যটকে জয়পুৰ ভ্ৰমণ কৰি থকা অৱস্থাত এজন অটো চালকৰ সৈতে ভাড়াক কেন্দ্ৰ কৰি তৰ্কাতৰ্কি হয়। লাহে লাহে এই তৰ্কই উগ্ৰ ৰূপ ধাৰণ কৰে আৰু অটো চালকজনে মহিলাগৰাকীক লক্ষ্য কৰি অতিশয় অশোভনীয় শব্দ ব্যৱহাৰ কৰি গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে।

মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাটো নিজৰ কেমেৰাত আৱদ্ধ কৰিছিল, যিটো পৰৱৰ্তী সময়ত ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। এই ভিডিঅ’টোৱে জয়পুৰৰ পৰ্যটন উদ্যোগৰ ভাবমূৰ্তিৰ ওপৰত প্ৰশ্নবোধক চিহ্ন উদয় হোৱাত আৰক্ষী তৎপৰ হৈ পৰে। ভাইৰেল ভিডিঅ’টোৰ ওপৰত ভিত্তি কৰি জয়পুৰ আৰক্ষীয়ে স্বতঃস্ফূৰ্তভাৱে গোচৰ ৰুজু কৰে। আৰক্ষীয়ে অটোখনৰ নম্বৰ আৰু চি চি টিভি ফুটেজ পৰীক্ষা কৰি অভিযুক্ত চালকজনক বিচাৰি উলিয়াবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ: ২৪ ঘণ্টাৰ ভিতৰতে অভিযুক্ত চালকজনক আটক কৰা হয়।

বিভাগে মন্তব্য কৰে যে, "অতিথি দেৱো ভৱঃ" আমাৰ পৰম্পৰা। পৰ্যটকৰ সৈতে কোনো ধৰণৰ অশালীন আচৰণ সহ্য কৰা নহ’ব। এই গ্ৰেপ্তাৰে আন অপৰাধীসকললৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিব।







প্ৰাগ নিউজ ডিজিটেল

Share This