অষ্ট্ৰেলিয়াত অসম কন্যাৰ জয়যাত্ৰা; আন্তঃৰাষ্ট্ৰীয় উছু প্ৰতিযোগিতাত অৱন্তিকা দাসৰ দুটাকৈ ৰূপৰ পদক অৰ্জন

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়া জগতলৈ এক বৃহৎ সফলতা। পুনৰ বিশ্বমঞ্চত জিলিকি উঠিল অসম সন্তানৰ নাম। গুৱাহাটীৰ বিৰুবাৰীৰ উদীয়মান উছু (Wushu) খেলুৱৈ অৱন্তিকা দাসে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশ তথা ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা খেলত দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি অৱন্তিকাই অসমৰ নাম বিশ্বত উজলাই তুলিলে।

যোৱা ২১ মে’ৰ পৰা ২৫ মে’ (২০২৬) লৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল ‘Oceania International Invitational Wushu Kung-Fu Championships’। বিশ্বৰ বিভিন্ন দেশৰ নামী-দামী খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই কঠিন প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অসমৰ অৱন্তিকা দাসে।

তেওঁ নিজৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে Traditional Nanquan Type Event (ট্ৰেডিচনেল নানকুৱান টাইপ ইভেণ্ট) আৰু Traditional Single Weapon Event (ট্ৰেডিচনেল ছিংগল ৱেপন ইভেণ্ট)ত দুটাকৈ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই ঐতিহাসিক সফলতা অৰ্জন কৰি আজি নিজ গৃহভূমিত ভৰি দিয়েহি অৱন্তিকাই। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই খেলুৱৈগৰাকীক আদৰিবলৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ক্ৰীড়াপ্ৰেমী ৰাইজ, আত্মীয়-স্বজন আৰু বিভিন্ন স্থানীয় সংগঠনৰ সদস্যসকলে তেওঁক ফুলাম গামোচা আৰু তোৰণেৰে উষ্ম আদৰণি জনায়।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This