ডিজিটেল ডেস্ক: আৰক্ষীৰ জালত পৰিল এটা প্ৰবঞ্চকৰ দল। এই চক্ৰটোৱে 'ই-মিত্ৰ' (e-Mitra) নামৰ এটা ভুৱা ৱেবচাইট তৈয়াৰ কৰি সাধাৰণ ৰাইজক ই-মিত্ৰৰ ৰিটেইলাৰ আইডি (Retailer ID) দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা প্ৰৱঞ্চনা কৰি আহিছিল। আৰক্ষীয়ে এই ঘটনাত জড়িত চাৰিজন যুৱক আৰু পাঁচগৰাকী যুৱতীসহ মুঠ ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ উপৰিও এজন নাবালককো আটক কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত।
জয়পুৰ আৰক্ষীৰ বিশেষ দলে এক বৃহৎ অভিযান চলাই এই প্ৰবঞ্চকৰ দলটোক জালত পেলায়। আদালতে যুৱতী অভিযুক্তকেইগৰাকীক ন্যায়িক জিম্মালৈ (কাৰাগাৰলৈ) প্ৰেৰণ কৰিছে, আনহাতে চাৰিজন যুৱকক ২৯ মে’লৈকে আৰক্ষীৰ জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰখা হব। অৱশ্যে এই সমগ্ৰ ঘটনাৰ মূল মাষ্টাৰমাইণ্ডজন বৰ্তমানো পলাতক হৈ আছে। তেওঁ ধৰা পৰাৰ পিছত এই প্ৰৱঞ্চনা চক্ৰৰ সন্দৰ্ভত আৰু বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
জয়পুৰৰ বিশেষ আৰক্ষী কমিছনাৰ ওমপ্ৰকাশে জনোৱা মতে, ৰামনগৰীয়া থানা এলেকাৰ এটা অট্টালিকাত ভুৱা কল চেণ্টাৰ চলি থকাৰ গোপন তথ্য লাভ কৰি চিএছটিয়ে (CST) স্থানীয় আৰক্ষীৰ সহযোগত অভিযান চলায়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৮টা লেপটপ, ৯টা ম’বাইল ফোন, ৬টা লেপটপ ডাটা কেবল আৰু অপৰাধত ব্যৱহাৰ কৰা এখন বাহন জব্দ কৰিছে। অভিযুক্তসকলৰ হাতৰ পৰা বৃহৎ সংখ্যক লোকৰ নাম, ঠিকনা আৰু ম’বাইল নম্বৰ সম্বলিত ডাটা উদ্ধাৰ কৰা হৈছে।
আৰক্ষীৰ মতে, এই চক্ৰৰ মাষ্টাৰ মাইণ্ডজন প্ৰযুক্তিগতভাৱে অতি চতুৰ। তেওঁ কলেজ আৰু কোচিং চেণ্টাৰৰ শিক্ষাৰ্থীসকলক সহজ উপাৰ্জনৰ লোভ দেখুৱাই এই কামত নিয়োজিত কৰিছিল। ধৃত অভিযুক্তসকলক প্ৰতিদিনে ৪০-৫০ জন লোকৰ ম’বাইল নম্বৰ দি কল কৰিবলৈ দিয়া হৈছিল। তেওঁলোকে লোকসকলক ই-মিত্ৰৰ ৰিটেইলাৰ আইডি দিয়াৰ মিছা প্ৰতিশ্ৰুতিৰে প্ৰৱঞ্চনাৰ জালত পেলাইছিল।
গ্ৰাহকৰ পৰা অনলাইনযোগে ধন সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে ধৰা পৰাৰ ভয়ত বাৰে বাৰে নিজৰ আইডি সলনি কৰিছিল। তেওঁলোকে চৰকাৰী ব্যৱস্থা হেক কৰি জনসাধাৰণৰ তথ্য চুৰি কৰিছিল নে এই কাৰ্যত কোনো চৰকাৰী কৰ্মচাৰীয়ে সহায় কৰিছিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে।
আৰক্ষীয়ে সাধাৰণ ৰাইজক আহ্বান জনাইছে যে চৰকাৰী সেৱা বা অনলাইন লাইচেন্সৰ নামত অহা যিকোনো ফোন কল, লিংক, হোৱাটছএপ বাৰ্তা, QR ক’ড অথবা ব্যক্তিগত একাউণ্টত ধন জমা দিয়াৰ আগতে অফিচিয়েল ৱেবচাইটৰ জৰিয়তে সত্যতা নিশ্চিত কৰাটো অত্যন্ত জৰুৰী।
ধৃত অভিযুক্তসকল হৈছে ক্ৰমে— অজয় সিং, ইন্দ্ৰজিৎ সিং (নগৰফ’ৰ্ট, টংক), শুভম যোগী (দৌছা), দিলখুশ গুৰ্জৰ (টংক), ছোনিয়া দ্বিবেদী (ছাংগানেৰ), নেহা সিং (উত্তৰ প্ৰদেশ), কাঞ্চন মহাবৰ (কাৰৌলী), ৰিতু সিং (উত্তৰ প্ৰদেশ) আৰু শালু ৰাৱাট (আজমেৰ)। ইয়াৰ লগতে এজন নাবালককো আটক কৰা হৈছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল