ডিজিটেল ডেস্ক : অসমৰ প্রথমগৰাকী অলিম্পিক পদকজয়ী লাভলীনা বৰগোঁহাই, বিশ্ব চেম্পিয়ন অংকুশিতা বড়ো আৰু প্রতিভাৱান মহিলা বক্সাৰ গীতিমণি গগৈয়ে নৱম এলিট ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্রৱেশ কৰিছে।
উত্তৰ প্ৰদেশৰ নয়দাত চলি থকা (৪-১২ জানুৱাৰীত) শীর্ষ প্রতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত কালি লাভলীনাই পৰাক্ৰমী প্ৰদৰ্শনৰ জৰিয়তে অন্ধ্র প্ৰদেশৰ প্ৰতিপক্ষ মৌনিকাক খেলৰ প্ৰথম ৰাউণ্ডতে বিং ত্যাগ কৰিবলৈ বাধ্য কৰি (আৰ এছ চি) ছেমি ফাইনেলত প্ৰৱেশ কৰে। অংকুশিতাই তেলেংগানাৰ প্ৰতিদ্বন্দ্বী নীহাৰিকাৰ বিৰুদ্ধে অলআউট প্রদৰ্শনৰ জৰিয়তে ৫-০ৰ মসৃণ ব্যৱধানত জয়ী হৈ ছেমি ফাইনেলত উপনীত হৈছে।
অসমৰ আনগৰাকী মহিলা বক্সাৰ গীতিমণি গগৈয়ে জম্মু-কাশ্মীৰৰ অনন্যা চৌধুৰীক কোনো সুযোগ নিদিয়াকৈ ৫-০ পইণ্টত ধৰাশায়ী কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। অসমৰ তিনিওগৰাকী আগশাৰীৰ বক্সাৰে তেনেদৰেই শীর্ষ প্রতিযোগিতাখনত কমেও এটাকৈ ব্যক্তিগত ৰূপৰ পদক নিশ্চিত কৰিলে। অসম দলৰ প্ৰশিক্ষক প্রণামিকা বৰা, ত্ৰিদীপ বৰা, ইনামুল হুছেইন আৰু মেনেজাৰ ৰূপে আছে মন্টু ইনজেল।