আৱামী লীগ বাংলাদেশত নিষিদ্ধ 

dainik janambhumi May 12, 2025

ডিজিটেল ডেস্ক : বাংলাদেশৰ স্বাধীনতাৰ বাবে এসময়ত পথ প্রদর্শক হোৱা ৰাজনৈতিক দল আৱামী লীগ আজিৰ তাৰিখত দেশখনতেই নিষিদ্ধ ৰাজনৈতিক দল হিচাপে ঘোষিত হ'ল। মহম্মদ ইউনুছ নেতৃত্বাধীন দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰে সন্ত্রাস-বিৰোধী আইনৰ অধীনত শ্বেখ হাছিনাৰ আৱামী লীগক বাংলাদেশত নিষিদ্ধ কৰিলে। অন্তৰ্ৱৰ্তী চৰকাৰখনৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আনি আৱামী লীগে দেশখনত যুদ্ধ-সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে। বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ দলটো এটা দশকজুৰি দেশখনৰ শাসনত আছিল। 

২০২৪ চনৰ জুলাই-আগষ্টৰ সময়ছোৱাত দেশখনত চলা প্রবল ছাত্র বিক্ষোভৰ ফলত সংঘটিত হোৱা হিংসাত্মক প্রতিবাদ মষিমূৰ কৰাৰ বাবে হাছিনা চৰকাৰে লোৱা দমনমূলক ব্যৱস্থাৰ পৰিণতিত ১৫০০ৰো অধিক প্রতিবাদী নিহত হৈছিল। ৰাষ্ট্ৰসংঘয়ো প্রকাশ কৰিছিল যে বিৰোধীৰ মুখ বন্ধ ৰাখিবলৈ তদানীন্তন হাছিনা চৰকাৰে লোৱা দমনমূলক ব্যৱস্থাত হাজাৰ হাজাৰ প্রতিবাদীৰ মৃত্যু হোৱাৰ কথা। ইয়াৰ পাছতেই মানৱতাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ বাবে ঢাকাৰ পৰা গ্রেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল হাছিনাৰ বিৰুদ্ধে। 

হাছিনাই যোৱা বৰ্ষৰ আগষ্টত বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতত আশ্রয় লয়। বাংলাদেশৰ আইন আৰু ন্যায় উপদেষ্টা আছিফ নজৰুলে সাংবাদিকৰ আগত কয় যে আৱামী লীগ আৰু ইয়াৰ নেতাসকলৰ বিৰুদ্ধে চলি থকা বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে সন্ত্রাসবাদ-বিৰোধী আইনৰ অধীনত আৱামী লীগৰ সকলো কৰ্মৰাজি বাংলাদেশত নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। শনিবাৰে নিশা অন্তৰ্ৱৰ্তী চৰকাৰৰ উপদেষ্টা পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। উপদেষ্টা নজৰুলে কয় যে বাংলাদেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

Share This