ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্রেইনৰ যুদ্ধ, পাকিস্তান-আফগানিস্তান সংঘর্ষ, শেহতীয়াকৈ শনিবাৰৰ পুৱাৰে পৰা আমেৰিকা-ইজৰাইলৰ ইৰানত আক্রমণ আৰু প্রতিশোধকল্পে মধ্য প্রাচ্যৰ বিভিন্ন দেশৰ মার্কিন ঘাটিত ইৰানৰ আক্ৰমণৰ মাজতে বিশ্বৰ ভূ-ৰাজনৈতিক অস্থিৰতাৰ দিশত বাবা ভাংগাই ভবিষ্যদ্বাণী কৰি যোৱা 'তৃতীয় বিশ্ব যুদ্ধ'ৰ পূর্বানুমান সামজিক মাধ্যমত বিশ্বজুৰি ভাইৰেল হৈছে।
বিশ্বৰ বিভিন্ন অঞ্চলত যুদ্ধৰ পৰিৱেশ সৃষ্টি হোৱাৰ সময়তে বাবা ভাংগাৰ 'তৃতীয় বিশ্ব যুদ্ধ'ৰ ভৱিষ্যদ্বাণী আজি সমগ্র বিশ্বতে সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। বাবা ভাংগাৰ এই পুৰণি ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি সামাজিক মাধ্যমৰ প'ষ্টবোৰত দাবী কৰা হৈছে যে বিশ্ব তৃতীয় মহাযুদ্ধৰ দিশত অগ্ৰসৰ হৈছে।
বাবা ভাংগাই কৰা বহুতো পূর্বানুমান ইতিমধ্যে ফলিয়াইছে। উল্লেখযোগ্য যে বাবা ভাংগাৰ দশক পুৰণি ভৱিষ্যদ্বাণীবোৰ এতিয়া বিশ্বৰ সাম্প্ৰতিক ভূ-ৰাজনৈতিক অস্থিৰতাৰ বাবে প্ৰাসংগিক হৈ আহিছে।