ডিজিটেল ডেস্ক: প্রায় ২৭ বছৰৰ আগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৈতে ববিতা শৰ্মাৰ মুকলি বাৰ্তালাপৰ ফুটেজৰ পৰা নিৰ্মাণ কৰা এখন নতুন তথ্যচিত্ৰত প্ৰকাশ পাইছে সুধাকণ্ঠই প্ৰকাশ কৰা বিভিন্ন বিষয়ৰ কথা।
সংগীতৰ পৰা হাজৰিকাৰ শৈশৱৰ সম্পকলৈ তেওঁৰ বক্তব্য, কাহিনী, দৃষ্টিভংগীৰ উপৰি ইয়াত আছে সুধাকণ্ঠই নিজেই কৰা তেওঁৰ অপ্রকাশিত কবিতাৰ আবৃত্তি। তথ্যচিত্ৰখনৰ পৰিচালক ববিতা শর্মাই এই সন্দর্ভত কয় যে 'ভূপেন দা আনকাট' নামৰ এই তথ্যচিত্ৰখন হাজৰিকাৰ এক অপৰিশোধিত প'ট্রেইট আৰু ই তেওঁৰ সৃষ্টি প্রক্রিয়া, চিন্তাধাৰা, জীৱনৰ দৰ্শনৰ বিষয়ে এক অন্তৰংগ অনুভৱ দিয়ে। পাৰস্পৰিক বৰ্ণনা আৰু পুনৰনিৰ্মাণৰ পৰিৱৰ্তে এই তথ্যচিত্রখনত সেই সময়ত ৰেকৰ্ড কৰা দৃশ্যবোৰকে লোৱা হৈছে। পৰিচালকৰ মতে ই হৈছে 'কিংবদন্তিৰ সৈতে অক্ষত আলাপ।'
১৯৯৯ চনত চিকিৎসা বিভাগৰ অসমীয়া প্রাক্তন ছাত্র-ছাত্ৰীৰ এটা গোটৰ নিমন্ত্ৰণ মর্মে ড° হাজৰিকা ইউ কে (ব্রিটেইন) লৈ গৈছিল। তাতে ববিতা শৰ্মা আৰু তেওঁৰ স্বামীয়ে ড° হাজৰিকাৰ সৈতে কিছু সময় কটোৱাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পাছতে পাৰ হৈছিল এলানি অন্তৰংগ, পূর্বে পৰিকল্পনা নকৰা সময়ৰ, যাক লণ্ডনৰ বাসগৃহত ববিতা শৰ্মাৰ স্বামী চিন্ময় শৰ্মাই টেপ ব্যৱহাৰ কৰি হাই-৮ কেমেৰাৰে ৰেকর্ডিং কৰিছিল। ড° হাজৰিকাই দীঘলীয়াকৈ কৈছিল তেওঁৰ শৈশৱ, জ্যোতিপ্রসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে সাংস্কৃতিক কিংবদন্তিৰ সৈতে তেওঁৰ সম্পৰ্ক, আমেৰিকাৰ নিউয়ৰ্কত তেওঁৰ উচ্চ শিক্ষাৰ সময় আৰু পত্নী প্রিয়ম্বদা পেটেলৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা। ব্রিটেইনৰ টেমছ নদী আৰু টাৱাৰ ব্ৰীজত ড° হাজৰিকাই তেওঁৰ প্রখ্যাত গীত 'মানুহে মানুহৰ বাবে' পৰিৱেশন কৰাৰ দৃশ্যও সেই সময়তে লোৱা হৈছিল। ড° ভূপেন হাজৰিকাই হাতে লিখা অৱস্থাৰ কিছু কেইবাটাও কবিতাও আবৃত্তি কৰিছিল। তথ্যচিত্ৰ নিৰ্মাতাৰ মতে সেইবোৰ কেতিয়াও ছপা আকাৰত প্ৰকাশ নহ'ল। তথ্যচিত্রখনত ড° হাজৰিকাক তেওঁৰ নিজৰ ধৰণেৰে 'প্ৰ'ন কাৰী' ৰন্ধাও দেখা যায়। পৰিচালক শৰ্মাই কয় যে প্রায় পাহৰি যোৱা টেপসমূহ তেওঁৰ স্বামীৰ খুৰাকে ঘৰ সলনি কৰোঁতে ২০২৪ চনত কাপব'ৰ্ডত উদ্ধাৰ কৰে। ভাগ্যবশতঃ উক্ত টেপসমূহ ভাল অৱস্থাত আছিল।
৭০ দশকৰ শেষৰফালৰ পৰা অসমৰ সাংস্কৃতিক জগতৰ সৈতে জড়িত শর্মাই কয়, 'আমি কিবাপ্ৰকাৰে সেইবোৰ ডিজিটাইজ কৰোঁ। ভিডিঅ'ৰ মান উন্নত কৰিবলৈ আমি কোনোধৰণৰ সম্পাদনা কৰা নাই বা কোনো নেপথ্য সংগীত প্রক্ষেপ কৰা নাই। আমি ঐতিহ্যবাহী (ভিনটেজ) উপাদান ধৰি ৰাখিবলৈ বিচাৰিছোঁ।'
উল্লেখযোগ্য যে ববিতা শর্মাই ১৯৭৮ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভবেন্দ্রনাথ শইকীয়াৰ 'অনির্বাণ'ত শিশু শিল্পীৰূপে অভিনয় কৰিছিল। পাছত তেওঁ প্রবাসী অসমীয়া বিষয়ক এখন অসমীয়া ধাৰাবাহিক 'বিদেশত আপোন মানুহ'। এইখন ধাৰাবাহিক ডিডিকে গুৱাহাটীত (২০০১-২০০৮) সম্প্ৰচাৰ হৈছিল। 'ভূপেন দা আনকাট' তথ্যচিত্ৰখন বহস্পতিবাৰে নতুন দিল্লীৰ প্ৰেছ ক্লাব অব ইণ্ডিয়াত আৰু বুধবাৰে নয়ডাৰ এছিয়ান একাডেমি অব ফিল্ম এণ্ড টেলিভিছনত প্রদর্শন হয়। যোৱা বছৰ এইখন গোৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছিল।