হাত নথকাকৈ জন্ম হ’ল শিশু কন্যা,  শিশুটিক চাবলৈ হস্পিটেলত মানুহৰ ভিৰ 

Rashmi July 03, 2025

ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে কেতিয়াবা কিছুমান সৃষ্টিৰে আমাক হতবাক কৰি দিয়ে। ৰাইজেন জিলাৰ এখন চিকিৎসালয়ত একেই ঘটনা সংঘটিত হৈছিল। ইয়াত এগৰাকী গৰ্ভৱতী মহিলাই হাত নথকা কন্যা সন্তান জন্ম দিলে। কেঁচুৱা ছোৱালীজনীক চাবলৈ পৰিয়ালৰ লোকৰ লগতে অগণন  মানুহে লগালে ভিৰ। 

ৰাইজেন জিলাৰ বেগমগঞ্জত এগৰাকী গৰ্ভৱতী মহিলাই হাত নোহোৱাকৈ জন্ম দিলে শিশু কন্যা। মাক আৰু সন্তান দুয়োজনেই বৰ্তমান সুস্থ। 

চি বি এম অ’ ডাঃ নীতিন সিং টোমাৰে জনোৱা মতে, দেৱলাপুৰ গাঁৱৰ নিৱাসী শ্ৰমিক অৰবাজ খানৰ পত্নী ৰোশনীৰ এয়া প্ৰথম প্ৰসৱ। গাঁৱৰ আশা কৰ্মীৰ জৰিয়তে ৰোশনীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গৰ্ভৱতী মহিলা ৰোশনীয়ে এটি ধুনীয়া কন্যা সন্তান জন্ম দিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তাইৰ দুয়োখন হাত নাই। কান্ধৰ পৰা হাত দুখন নাই শিশুটিৰ, যাৰ বাবে ভৱিষ্যতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে শিশুটি।

বিষয়াগৰাকীয়ে কয় যে বৰ্তমান মাতৃ আৰু সন্তান দুয়োজনেই সুস্থ। এতিয়া হাত নথকা ছোৱালীজনীক চাবলৈ মানুহৰ দীঘলীয়া শাৰী। সকলোৱে তাইক সৌজন্যৰ দৃষ্টিৰে চাই উজ্জ্বল ভৱিষ্যতৰ কামনাৰে আশীৰ্বাদ দিছে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This