কেঞ্চাৰ'ৰে যুঁজিব ভেকুলীৰ অন্ত্ৰত থকা বেক্টেৰিয়াই

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক : জাপানৰ বিজ্ঞানীসকলৰ এক বিস্ময়কৰ আৱিষ্কাৰে মানৱ জাতিৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনে। তেওঁলাকৰ এই আৱিষ্কাৰ মানৱ জাতিৰ বাবে গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে আৰু কেঞ্চাৰ ৰোগীসকলৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। বিজ্ঞানীসকলে জাপানী ট্রি ফ্রগ (ড্রায় 'ফাইটছ জাপ 'নিকাছ) নামৰ এটা প্ৰজাতিৰ ভেকুলীৰ অন্ত্ৰত এবিধ বেক্টেৰেয়িাৰ ধৰা পেলাইছে। এই বেক্টেৰিয়াবিধ কেঞ্চাৰৰ বিৰুদ্ধে যুজ দিয়াত যথেষ্ট প্রভাবশালীৰূপে পৰিগণিত হৈছে। নিগনিক লৈ কৰা পৰীক্ষাৰ সময়ত এই বিশেষ বেক্টেৰিয়াবিধে টিউমাৰ সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলায় কোনো ধৰণৰ গুৰুতৰ পার্শ্বক্রিয়া নোহোৱাকৈ। 

মন কৰিবলগীয়া যে ভেকুলী, জেঠী, আৰু আন সৰীসৃপ তথা উভচৰপ্ৰাণীবিলাকৰ কেঞ্চাৰ হোৱা কমেইহে দেখা পোৱা যায়। জাপান এডভান্সড্ড ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকন'লজীৰ এই কথালৈ লক্ষ্য কৰিলে আৰু তেওঁলোকে এই ভেকুলীবিধৰ পেটত পোৱা বেক্টেৰিয়া নিগনিৰ শৰীৰত ব্যৱহাৰ কৰে। বিজ্ঞানীসকলে বেঁকুলী, জেঠীকে ধৰি মুঠ ৪৫ টা প্ৰজাতিৰ সৰীসৃপৰ অন্ত্ৰত থকা বেক্টেৰিয়া নিগনিৰ শৰীৰত পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰে। ইয়াৰে ৯ বিধ বেক্টেৰিয়াৰ কেঞ্চাৰৰ সৈতে যুঁজ দিয়াৰ ভাল ক্ষমতা থকা দেখা পায়। ইয়াৰ ভিতৰত আটাইটকৈ শক্তিশালী বেক্টেৰিয়া আছিল জাপানী পাতবেং ইরিংজেলা এমেৰিকানাৰ অন্ত্ৰত পোৱা বিধ। নিগনিৰ শৰীৰত এই বেক্টেৰিয়াৰ মাত্র এপালি দিয়াৰ পাছতে টিউমাৰ একেবাৰে নোহোৱা হৈ পৰে। ইয়াৰ ৩০ দিনৰ পাছত নিগনিৰ শৰীৰত কেঞ্চাৰৰ  কোষ সংৰোপিত কৰা হৈছিল, তাৰ পাছতো সিহঁতৰ শৰীৰত টিউমাৰ হোৱা দেখা পোৱা নগ'ল। এই বেক্টেৰিয়াবিধে দুই ধৰণেৰে কাম কৰে-ই পোনে পোনে টিউমাৰত আক্রমণ কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ প্রণালী শক্তিশালী কৰে-টি কোষ, বি কোষ আৰু নিউট্র'ফিক সক্রিয় কৰে। টিউমাৰত অক্সিজেন কমকৈ থাকে, য'ত কেম'থেৰাপী ঔষৰ প্ৰভাৱ কম হয়, কিন্তু এই বেক্টেৰিয়াই তেনে অৱস্থাতো ভাল কাম কৰে। নিগনিৰ শৰীৰত এই বেক্টেৰিয়া সোনকালেই ৰক্তপ্ৰৱাহৰ পৰা নোহোৱা হৈ যায়। ইয়াৰ লগতে বৰ্তমানৰ কেম'থৈৰপীতকৈ অধিক প্রভাৱশালী আৰু দীর্ঘমাদী কোনো ক্ষতি নহয়. ইয়াৰ লগতে শৰীৰৰ সুস্থ অংগ প্রত্যংগ বোৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। বিজ্ঞানীসকলৰ মতে, এই বেক্টেৰিয়া এতিয়া মানৱ শৰীৰত সুৰক্ষিতভাৱে পৰীক্ষা কৰি চাব পৰা যাব। বর্তমানলৈকে এই বেক্টেৰিয়াৰ কেৱল নিগনিক লৈ পৰীক্ষা কৰা হৈছে আৰু মানুহৰ ক্ষেত্ৰত প্ৰভাৱশালী হ'বনে নহয় সেই বিষয়ে জনাৰ বাবে অধিক পৰীক্ষা-নিৰীক্ষাৰ প্রয়োজন। 

বিজ্ঞানীসকলে এই বেক্টেৰিয়াবিধ আন ধৰণৰে কেঞ্চাৰত পৰীক্ষা কৰি চাবলৈ বিচাৰিছে। বিজ্ঞানীসকলৰ মতে মানৱ শৰীৰত এই বেক্টেৰিয়া ব্যৱহাৰ কৰাৰ আগতে বহুখিনি সতর্কতা অবলম্বন কৰিব লাগিব। বিশেষকৈ ইয়াৰ দ্বাৰ মানৱ শৰীৰত সংক্ৰমণৰ আশংকাও নথকা নহয়। কিন্তু ভৱিষ্যতে মানুহৰ কেঞ্চাৰ ৰোগ নিৰাময়ত এই বেক্টেৰিয়াই ভৱিষ্যতে গুৰুত্বপীযূর্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। ভেকুলীৰ পেটত ওলোৱা এই বেক্টেৰিয়া বিধৰ বিষয়ে 'গাট মাইক্রব্‌ছ' নামৰ বিজ্ঞান বার্তালোচনীখনত প্রকাশ পাইছে।

Share This