ডিজিটেল ডেস্ক: চিফুঙৰ সুৰ, খামৰ ছেও আৰু 'বাগুৰুম্বা'ৰ ছন্দত কালি ছন্দায়িত হল সৰুসজাইৰ সেউজ দলিচা। 'চিখলা'ৰ নৃত্যই সৃষ্টি কৰিলে এক অনন্য ইতিহাস। প্রাণৱন্ত হৈ পৰা সৰুসজাইত দহ সহস্রাধিক বড়ো যুৱতীয়ে গীতৰ তালে তালে নৃত্যৰ ছন্দৰে অসমৰ লগতে সমগ্র দেশৰ কোটি কোটি লোকক সম্মোহিত কৰিলে। নিশাৰ বিদ্যুৎ আলোকিত পৰিৱেশত সৃষ্টি হোৱা এনে এক অপূর্ব দৃশ্যৰ সাক্ষী হৈ ৰ'ল খোদ দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী।
উল্লেখযোগ্য যে বিহু আৰু ঝুমইৰৰ পাছত বড়োসকলৰ বাণ্ডৰুম্বাক জগতসভালৈ নিয়াৰ বাবে ৰাজ্য চৰকাৰে কালি এক বিশাল অনুষ্ঠানৰ আয়োজন কৰি প্ৰধানমন্ত্ৰীক আমন্ত্রণ জনাইছিল। অসমবাসীৰ এই আমন্ত্রণ ৰক্ষা কৰি কালি সৰুসজাইত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে প্রথমেই এখন খোলা গাড়ীত উঠি সৰুসজাই ষ্টেডিয়ামত এপাক মাৰি উপস্থিত সকলোৰে অভিবাদন গ্রহণ কৰে। তেওঁক সংগ দিয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছত মঞ্চত উঠিয়েই প্রধানমন্ত্ৰীগৰাকীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত ম্যাল্যার্পণ কৰি শ্রদ্ধা জনায়। মুখ্যমন্ত্রীয়ে তেওঁক এখন এৰী চাদৰ আৰু আৰনাই প্ৰদান কৰাৰ লগতে বি টি চিৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে বডোফা উপেন্দ্ৰ নাথ ব্রহ্মাৰ এখন ফটো, বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এটা চেৰজা প্রদান কৰে।
বাগুৰুম্বাৰ বিশ্বমুখী যাত্ৰাৰ সাক্ষী হৈ প্রধানমন্ত্রী মোদীয়ে অসমীয়া আৰু বড়ো ভাষাত ভাষণ আৰম্ভ কৰি বিহুৰ বিশ্ব অভিলেখ, 'ঝুমইৰ বিনন্দিনী'ত অংশ লোৱাৰ অনুভৱ ব্যক্ত কৰে। এই আয়োজনৰ সৈতে জড়িত সকলোকে ধন্যবাদ জনাই প্রধানমন্ত্রীয়ে লগতে কয় যে আজিৰ দিনটো মোৰ বাবে সৌভাগ্যৰ দিন। অসমলৈ আহি মই ইয়াৰ কলা-সংস্কৃতি দেখিবলৈ পাইছোঁ। মোৰ দৰে কোনো প্রধানমন্ত্রী ইয়াৰ পূৰ্বে এনেদৰে ইমান বেছি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ অহা নাছিল। অসমৰ কলা-কৃষ্টি বিশ্বৰ দৰবাৰলৈ যোৱাটো আমি বিচাৰোঁ বুলি জনাই তেওঁ বড়ো জাতিৰ নমস্য বক্তি কালিচৰণ ব্ৰহ্ম, সীতানাথ ব্রহ্মা, উপেন্দ্ৰ ব্ৰহ্মৰ ত্যাগক স্মৰণ কৰে। অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনাই তেওঁ লগতে কয়, "মোৰ অসমৰ আন সংস্কৃতিৰ লগতে বড়ো সংস্কৃতি চোৱাৰ সৌভাগ্য হৈছে। মোৰ মন অসমৰ সংস্কৃতিক আগুৱাই লৈ যোৱা। অসমৰ কলা-সংস্কৃতিৰ অনাবিল আনন্দ লোৱাৰ মই সুযোগ এৰি নিদিওঁ। এয়া কেৱল উৎসৱ নহয়, এয়া হৈছে বড়ো পৰম্পৰাক সন্মান দিয়া। উপেন্দ্র নাথ ব্রহ্মা, সীতানাথ ব্রহ্মৰ লগতে আন আন মহান ব্যক্তিয়ে বড়ো সমাজখন মজবুত কৰিছিল, ৰাজনৈতিক চেতনা জাগ্রত কৰিছিল।"
ইফালে, অসমৰ সংস্কৃতি ভাৰতৰ গৌৰৱ বুলি মত প্রকাশ কৰি মোদীয়ে জনায় যে বিজেপি চৰকাৰৰ দিনত চৰাইদেৱে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিছে, অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পাইছে। বড়ো ভাষাক সহযোগী ভাষাৰ মৰ্যাদা দিয়া হৈছে। বাথৌ পূজাত চৰকাৰী বন্ধৰ ঘোষণা কৰা হৈছে। মহাবীৰ লাচিত বৰফুকন আৰু উপেন্দ্ৰ ব্ৰহ্ম প্রতিমূর্তি বিজেপিৰ দিনত নিৰ্মাণ কৰা হৈছে। শ্রীমন্ত শংকৰদেৱ আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ আগৰৱালাৰ কলা-সংস্কৃতিৰো বিজেপিয়ে গুৰুত্ব দিছে।
উল্লেখযোগ্য যে কালি সৰুসজাইলৈ আহি থাকোঁতে মই যথেষ্ট আৱেগিক হৈছিলোঁ বুলিও জনায় মোদীয়ে। তেওঁ কয়, 'মোৰ মনলৈ বহু কথা আহিছিল। অসম আজি আগুৱাই গৈছে। এটা সময়ত য'ত প্রতিদিনে ৰক্তপাত হৈছিল, আজি সেই স্থানতে সংস্কৃতিৰ অপূর্ব সমহাৰ ঘটিছে। এটা সময় য'ত গুলীৰ শব্দৰে ৰজনজনাইছিল, সেই স্থানতে এতিয়া খাম আৰু চিফুঙৰ মধুৰ ধ্বনি শুনিবলৈ পাইছোঁ। পূর্বে য'ত সান্ধ্য আইনে সকলো স্তব্ধ কৰিছিল, আজি সেই স্থানতে সংগীতৰ মধুৰ গুঞ্জন শুনিবলৈ পোৱা যায়। পূর্বে য'ত অশান্তি আৰু অস্থিৰতা আছিল, সেই স্থানতে আজি বাগুৰুম্বাৰ মহা আয়োজন হৈছে। এনে মহা আয়োজন কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰ সাফল্য। ইফালে, অসমৰ এনে পৰিবৰ্তনক লৈ দেশৰ প্ৰতিগৰাকী নাগৰিক গৌৰৱান্বিত বুলি জনাই তেওঁ কয়- মই সন্তুষ্ট যে অসমীয়া মানুহে, বড়ো ভাই-ভনীয়ে মোক ভৰসা কৰিছে, বিশ্বাস কৰিছে। যাৰ বাবে আজি ডাবল ইঞ্জিন চৰকাৰে দায়িত্বসহকাৰে আপোনালোকৰ আশীর্বাদত কাম কৰি দেখুৱাইছে। অসমৰ বিকাশ, শান্তিৰ মূল শক্তি হৈছে অসমৰ যুৱ শক্তি। বড়ো চুক্তিয়ে শান্তিৰ নতুন ধাৰা সৃষ্টি কৰিছে। হিংসা এৰি শান্তিৰ পথলৈ আহিছে বড়ো যুৱকসকল। বিজেপি চৰকাৰৰ প্ৰয়াসৰ ফলাফল এতিয়া আমাৰ সকলোৰে সম্মুখত। চুক্তিৰ পাছত কেন্দ্ৰীয় চৰকাৰে পুনৰ সংস্থাপনৰ বাবে ধন দিছে। অঞ্চলটোৰ বিকাশৰ বাবে কাম কৰিছে। যাৰ বাবে আজি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে ক্রীড়া ক্ষেত্রতো বড়ো সমাজৰ ল'ৰা-ছোৱালীয়ে নাম কৰিছে ।"