দ্রুততম দ্বি-শতকৰ অভিলেখ বৈভৱৰ

dainik janambhumi November 25, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ ১৫ বছৰীয়া কিশোৰ বৈভৱ সূর্যবংশীয়ে কালি ডোহাত বেটৰ তাণ্ডৱেৰে এক ইতিহাসৰ সৃষ্টি কৰে। সংযুক্ত আৰব আমীৰ শ্বাহীৰ (ইউ এ ই) বিৰুদ্ধে এছিয়া কাপ ৰাইজিং ষ্টাৰ্ছৰ মেচখনত তেওঁ খেলা এই ঐতিহাসিক ইনিংছটোৰ জৰিয়তে কেইবাটাও বিশ্ব অভিলেখ ভংগ হয়। 


বৈভৱে মাত্র ৫২টা বলত ডাবল চেঞ্চুৰী সম্পূৰ্ণ কৰি এদিনীয়া ক্রিকেটত এনে এক অভিলেখৰ সৃষ্টি কৰে যিটো আন বেটাৰ বাবে দীর্ঘ দিনলৈ এক সপোন হৈ ৰ'ব। ইয়াৰ লগতে তেওঁ এটা ইনিংছত ২৮টা ছয় মাৰি ক্ৰিকেটৰ ইতিহাসত যিকোনো এটা ফর্মেটত এখন মেচত সৰ্বাধিক ছয়ৰ বিশ্ব অভিলেখো গঢ়ে। ভাৰত-এৰ অ'পেনাৰ বৈভৱে ইউ এ ইৰ বিৰুদ্ধে প্রতিযোগিতাৰ একাদশ মেচখনত এই অভিলেখ গঢ়ে। ষ্টেডিয়ামত নিজৰ বেটেৰে ৰানৰ ধুমুহাৰ সৃষ্টি কৰি বৈভৱে মাত্ৰ ৫৩টা বলত ২০৪ ৰানৰ বিস্ফোৰক ইনিংছটো খেলে। বৈভৱ ইমানেই আক্রমণাত্মক আছিল যে তেওঁ ৫৩টা বলক ইনিংছটোত ২৮ ছয় আৰু ৭টা চাৰি মাৰে। আন কথাত ৩৫টা বলত বল বাউণ্ডেৰী লাইনৰ বাহিৰলৈ ঠেলে। 

বৈভৱে ২০৪ ৰানৰ ভিতৰত ১৯৬ ৰান কৰে কেৱল বাউণ্ডেৰীৰ জৰিয়তে। ইও এক বিশ্ব অভিলেখ। তেওঁ মাৰমুখী বেটিঙৰ সন্মুখত ইউ এ ইৰ বলাৰসকল একেবাৰে অসহায় হৈ পৰে। বৈভৱে এই ইনিংছটোৰ জৰিয়তে লিষ্ট-এ ক্রিকেটত সৰ্বাধিক ছয়ৰ অষ্ট্ৰেলিয়াৰ ডাৰ্চী শ্বৰ্টৰ অভিলেখ ভংগ কৰে। শ্বৰ্টে ২৩টা ছয় মাৰিছিল। আনহাতে, তেওঁৰ ৫২টা বলত ডাবল চেঞ্চুৰী কৰি লিষ্ট-এ ক্রিকেটত এক ইতিহাসৰ সৃষ্টি কৰে। ইয়াৰ জৰিয়তে বৈভবে চাড বৱেজে ২০২৪ চনত ১০৩টা বলত ডাবল চেঞ্চুৰী কৰাৰ অভিলেখ ভংগ কৰে। ইফালে, তেওঁ কালি লিষ্ট-এ ক্রিকেটত দ্রুততম চেঞ্চুৰী কৰাৰ অভিলেখো গঢ়ে। বৈভৱে কালি নিজৰ বেটেৰে ইমানেই তাণ্ডৱৰ সৃষ্টি কৰে যে মাত্র ২৮টা বলতে ১০০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ লগতে ৪৪টা বলত ১৫০ ৰান সংগ্ৰহ কৰি আন এক অভিলেখ কৰে। ইফালে বৈভৱৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰত-এ দলেও কালি অভিলেখৰ সৃষ্টি কৰে। ভাৰতে ইউ এ ইৰ বিৰুদ্ধে মেচখনত মাত্র ৫ অ'ভাৰত ১০০ ৰান সংগ্ৰহ কৰি এই অভিলেখ গড়ে। ইফালে, ভাৰতে মাত্র ১৪.২ অ'ভাৰত ২৫০ ৰানৰ লক্ষ্য অতিক্ৰম কৰি আন এক অভিলেখ গঢ়ে। ইয়াৰ জৰিয়তে ভাৰতে পাকিস্তানী বেংকৰ ২৩ বছৰ পুৰণি অভিলেখ ভংগ কৰে। ইফালে, বৈভৱে কালি বিধ্বংসী ডাবল চেঞ্চুৰীৰ সহায়ত লিষ্ট-এ ক্রিকেটত ৮০৫ ৰান সম্পূর্ণ কৰে। 

উল্লেখযোগ্য যে মেচখনত প্রথমে বেটিং কৰি ইউ এ ইয়ে ৫০ অ'ভাৰত ৮ উইকেট হেৰুৱাই ২৪৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৬৮ ৰানত আনজন অ'পেনাৰ অভিষেক শৰ্মাৰ (১২) উইকেটটো হেৰুৱায়। ইয়াৰ পাছত প্ৰভছিমৰন সিঙে (৩) বিদায় লোৱাৰ সময়ত ভাৰতৰ স্ক'ৰ আছিল ৫.৪ অ'ভাৰত ১০৮ ৰান। শেষলৈ ৰিংকু সিং ২৭ আৰু কুমাৰ কুশাগ্র ১ ৰানত অপৰাজিত হৈ থাকে। আন কথাত ভাৰতীয় ইনিংছৰ ৮০ শতাংশতকৈ অধিক ৰান সংগ্ৰহ কৰে বৈভৱে অকলে।

Share This