গার্হস্থ্য হিংসা, ঘণ্টাত প্রাণ হেৰুৱায় ৫গৰাকী মহিলাই

Dainik Janambhumi November 25, 2026

ডিজিটেল ডেস্ক : মহিলা আৰু কিশোৰীৰ নিৰাপত্তাৰ বিষয়ত এটা উদ্বেগজনক তথ্য প্রকাশ পাইছে শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এখন প্ৰতিবেদনত। বিশ্বত প্রতি ঘণ্টাত গড়ে প্রায় ৫ গৰাকী মহিলাৰ গার্হস্থ্য হিংসাৰ বলি হৈ মৃত্যু হয়। 'মহিলাৰ বিৰুদ্ধে হিংসা নির্মূলকৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস'ৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ মহিলা, ড্রাগছ আৰু অপৰাধ কার্যালয়ে প্রকাশ কৰা প্রতিবেদনত এই চিন্তনীয় তথ্য প্রকাশ পাইছে। ৰাষ্ট্ৰসংঘই মঙলবাৰে প্ৰকাশ কৰা প্ৰতিবেদনখনৰ মতে, ২০২৫ চনত সমগ্র বিশ্বতে ৪৭,০০০ তকৈও অধিক মহিলা আৰু কিশোৰীক তেওঁলোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছে। অর্থাৎ প্রতি দিনে ১২৯ গৰাকী মহিলা আপোনজনৰ হাতত নিহত হৈছে। প্রতিবেদনখনৰ মতে, যোৱা বৰ্ষত ইচ্ছাকৃতভাৱে হত্যা কৰা মুঠ ৭৮,০০০ মহিলা আৰু কিশোৰীৰ প্রায় ৬০শতাংশক নিজৰ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰিছে। 

বিশ্বজুৰি মুঠ হত্যাকাণ্ডৰ বলি হোৱা লোকসকলৰ ভিতৰত ১৯শতাংশ মহিলা, যাৰ ভিতৰত ৬০ শতাংশই ঘৰুৱা হিংসাত প্ৰাণ হেৰুৱাইছে। ইয়াৰ বিপৰীতে, পুৰুষৰ ক্ষেত্ৰত এই হাৰ মাত্র ১১ শতাংশ। বিশ্বৰ ১১২ খন দেশ আৰু অঞ্চলৰ তথ্য বিশ্লেষণ কৰি প্ৰকাশ কৰা এই প্রতিবেদনত কোৱা হৈছে যে আফ্রিকাত সর্বাধিক ২২,১০০ গৰাকী মহিলা আৰু কিশোৰী আপোনজনৰ হাতত নিহত হৈছে। ইয়াৰ পাছতেই এছিয়া মহাদেশত ১৫,১০০ গৰাকী, দক্ষিণ আমেৰিকাত ৭,৪০০ গৰাকী, ইউৰোপত ২,১০০ গৰাকী আৰু ওচেনিয়াত ৩০০ গৰাকী মহিলাৰ মৃত্যু হৈছে। 

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনখনত কোৱা হৈছে যে সামাজিক ৰীতি-নীতি, লিংগ বৈষম্য, ন্যায় পোৱাৰ ক্ষেত্ৰত থকা বাধাৰ বাবেই এই নাৰীজনিত অপৰাধৰ সংখ্যা হ্রাস পোৱা নাই। ৰাষ্ট্ৰসংঘই গার্হস্থ্য হিংসা প্ৰতিৰোধৰ ক্ষেত্ৰত কেৱল দাম্পত্য সম্পর্কই নহয়, বহল পৰিসৰত পৰিয়ালৰ গাঁথনিসমূহৰ ওপৰতো গুৰুত্ব দিবলৈ আহ্বান জনাইছে। আনহাতে, ৰাষ্ট্ৰসংঘৰ শেহতীয়া আন এখন প্রতিবেদনত আন এটা উদ্বেগজনক সমীক্ষা প্রকাশ পাইছে। বিশ্বজুৰি গড় হিচাপত প্রতি তিনিগৰাকী মহিলাৰ ভিতৰত এগৰাকীয়েই শাৰীৰিক বা যৌন নির্যাতনৰ সন্মুখীন হয়। কিন্তু মাত্র ৭শতাংশ মহিলাইহে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। দুয়োখন প্রতিবেদনতে মহিলাৰ বিৰুদ্ধে বিশ্বজুৰি হোৱা ব্যাপক হিংসাৰ ছবিখনক প্রতিফলিত কৰিছে।

Share This