ডিজিটেল ডেস্ক : মাথোঁ ১৪ বছৰ ৩২ দিন বয়সতে আই পি এলত শতৰান গোটাই অভিলেখ গড়ে বৈভৱ সূর্যবংশীয়ে। গুজৰাট টাইটানছৰ বিৰুদ্ধে সোমবাৰৰ আই পি এলৰ খেলখনত ৩৮টা বলত ১০১ ৰান কৰি ক্রিকেট বিশ্বত আলোড়নৰ সৃষ্টি কৰা বৈভৱলৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে। যোৱা বছৰৰ আই পি এলৰ নিলামৰ পৰাই বিহাৰৰ বৈভৱৰ ৰেকৰ্ড গঢ়াৰ যাত্রা আৰম্ভ হয়।
কনিষ্ঠতম ক্রিকেটাৰ হিচাপে আই পি এলৰ নিলামত দল লাভ কৰিছিল বৈভবে। আই পি এলৰ নিলামত ১ কোটি ১০ লাখ টকাত বৈভৱক ক্ৰয় কৰিছিল ৰাজস্থান বয়েলছে। তাৰ পাছত সর্বকনিষ্ঠ ক্রিকেটাৰ হিচাপে আই পি এলত অভিষেক ঘটে বৈভৱৰ। আই পি এলত ছয় কোবাই কেৰিয়াৰ আৰম্ভ কৰে বিহাৰৰ চাঞ্চল্য বৈভৱে।
কিন্তু আই পি এলৰ প্ৰথম খেলত জয়েবে তেওঁ খেলপথাৰ এৰিব পৰা নাছিল। পিছে সোমবাৰে জয়পুৰত নিজৰ প্ৰথম শতৰান পূৰ কৰে বৈভবে। মাথোঁ ৩৫টা বলত শতবান গোটাই অভিলেখ প্রতিষ্ঠা কৰে বৈভৱে। কিশোৰ ক্ৰিকেটাৰ বৈভৱক শচীন টেন্ডুলকাৰকে ধৰি ক্ৰিকেট মহলে ভূয়সী প্রশংসা কৰিছে।