ভাৰতৰ অনূর্ধ্ব-১৯ দলত বৈভৱ সূৰ্যবংশী

dainik janambhumi May 23, 2025

ডিজিটেল ডেস্ক : বেটিং চাঞ্চল্য বৈভৱ সূর্যবংশীয়ে ভাৰতৰ অনূর্ধ্ব-১৯ দলত স্থান লাভ কৰিছে। অহা মাহত ইংলেণ্ড ভ্রমণ কৰিবলগীয়া ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছে মুম্বাইৰ আয়ুষ মাহাট্রেই। ২৪ জুনত আৰম্ভ হ'বলগীয়া উক্ত ভ্রমণত আছে ৫০ অভাৰৰ অনুশীলন মেচ। ইয়াৰ পাছত ৫খনীয়া যুৱ এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত আৰু ইংলেণ্ডৰ অনূর্ধ্ব-১৯। 

সূচী অনুসৰি দুখন মাল্টি ডে' খেলতো নামিব ভাৰত আৰু ইংলেণ্ড। চলিত আই পি এলত দাঙি ধৰা দুৰ্দান্ত প্ৰদৰ্শনৰ সুবাদতে ১৪ বছৰীয়া সূর্যবংশীয়ে ভাৰতৰ অনূর্ধ্ব-১৯ দলত স্থান লাভ কৰিছে। বিহাৰৰ সূৰ্যবংশীয়ে ৰাজস্থান ৰয়েলছৰ হৈ গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৫টা বলত শতৰান গোটাই আই পি এলত অভিলেখ প্রতিষ্ঠা কৰিছিল। 

সূর্যবংশীয়ে এই পর্যন্ত বিহাৰৰ হৈ পাঁচখন প্ৰথম শ্ৰেণীৰ মেচৰ লগতে ছখন লিষ্ট 'এ' মেচ খেলিছে। সূর্যবংশীয়ে অৱশ্যে উক্ত খেলকেইখনত শতৰানৰ ইনিংছ খেলিব পৰা নাছিল। পিছে যোৱা বছৰত চেন্নাইত অষ্ট্ৰেলিয়াৰ অনূর্ধ্ব-১৯ দলৰ বিৰুদ্ধে প্রথম যুৱ টেষ্টত শতকীয় ইনিংছ খেলিছিল সূর্যবংশীয়ে।

Share This