শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ

dainik janambhumi July 02, 2025

ডিজিটেল ডেস্ক : কলকাতাৰ আইন মহাবিদ্যালয়ত এগৰাকী ২৪ বছৰীয়া ছাত্রীক দলবদ্ধ বলাৎকাৰ কৰাৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। ছাত্ৰীগৰাকীয়ে এজাহাৰত প্ৰকাশ কৰে যে নিৰ্যাতনৰ পূৰ্বে ভুক্তভোগীৰ শ্বাস-প্রশ্বাস বন্ধ হোৱাৰ উপক্ৰম হৈছিল আৰু মূল অভিযুক্ত মনজিৎ মিশ্রই অন্য এজন অভিযুক্তক পীড়িতাৰ বাবে এটা ইনহেলাৰ আনিবলৈ কৈছিল।

ইনহেলাৰৰ এটা পালি গ্ৰহণ কৰি ছাত্ৰীগৰাকীয়ে সমান্য সকাহ পাই পলাই যাবলৈ বিচাৰিছিল যদিও মূল প্রৱেশদ্বাৰখন বন্ধ হৈ আছিল। তাৰ পাছতে পীড়িতাক টানি আনি অভিযুক্ত মনজিৎ মিশ্ৰই বলাৎকাৰ কৰে আৰু আন দুজন অভিযুক্ত জেইব আহমেদ আৰু প্ৰমিত মুখোপাধ্যায়ে ঘটনাটোৰ ৰেকর্ডিং কৰে। পীড়িতাই লগতে এজাহাৰত কয় যে যেতিয়া এই অসৎ কার্যত পীড়িতাই বাধা দিছিল তেতিয়া মনজিৎ মিশ্রই তেওঁৰ প্ৰেমিকক হত্যাৰ ভাবুকি দিয়াৰ লগতে পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছিল।

উল্লেখযোগ্য যে এই ঘটনাৰ তদন্তৰ বাবে গঠন হোৱা বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ সদস্যৰ সংখ্যা ৫-ৰ পৰা ৯লৈ বৃদ্ধি হৈছে। এছ আই টিয়ে অভিযুক্তকেইটাৰ কল্ ৰেকৰ্ড পৰীক্ষা কৰাৰ লগতে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ নয়না চট্টোপাধ্যায়ক দুবাৰ জেৰা কৰে। ঘটনাৰ এদিনৰ পাছতেই মূল অভিযুক্তই উপাধ্যক্ষৰ সৈতে যোগাযোগ কৰাৰ প্ৰমাণ পোৱা গৈছে। আনহাতে এই পাষাণ বলাৎকাৰীটোৱে আৰ জি কৰ বলাৎকাৰ-হত্যাকাণ্ডৰ মূল অভিযুক্তক ফাঁচিৰ দাবীত তৃণমূল কংগ্রেছে উলিওৱা প্রতিবাদী কাৰ্যসূচীত আগভাগ লৈছিল। এই বিষয়ত এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে।

Share This