বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড! সম্পূৰ্ণৰূপে ভস্মীভূত এটা কাৰ্যালয়ৰ কোঠা

Rashmi June 17, 2025

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

অনুৰাধাস্থিত পিৰামল ৰিচাৰ্জ এণ্ড মেনেজমেণ্ট ইনষ্টিটিউট চমুকৈ (১০৪) মুখ্য কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় কাৰ্যালয়টোৰ এটা কোঠা।

শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

অগ্নিকাণ্ডটোৰ ফলত কোনো লোক হতাহত হোৱা নাই।

ভস্মীভূত হোৱা সামগ্ৰী সমূহৰ ক্ষয় ক্ষতিৰ পৰিমাণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপিত কৰে জুই।

সৌভাগ্যক্ৰমে ৰক্ষা পৰে অনুৰাধা ছবিগৃহৰ লগতে ওচৰে-পাঁজৰে থকা কেইবাখনো ব্যাৱসায়িক প্ৰতিষ্ঠান।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This