ৰজত পাটিদাৰৰ অপৰাজিত ৯৩ ৰান, নক-আউটত ৰানৰ অভিলেখ, একেৰাহে দ্বিতীয়বাৰলৈ ফাইনেলত বেংগালুৰু

dainik janambhumi May 27, 2026

ডিজিটেল ডেস্ক : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু একেৰাহে দ্বিতীয়বাৰলৈ আই পি এলৰ ফাইনেলত উপনীত হয়। কালি অনুষ্ঠিত আই পি এলৰ প্ৰথমখন কোৱালিফায়াৰত বেংগালুৰুৱে গুজৰাট টাইটান্‌ক ৯২ ৰানৰ ব্যৱধানত পৰাজিত কৰে। গুজৰাটক জয়ৰ বাবে প্ৰয়োজন হৈছিল ২৫৫ ৰানৰ। দলটোৱে ১৯.৩ অ'ভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্র ১৬২ ৰান। 

গুজৰাটে মাত্র ১৭ ৰানত সাই সুদৰ্শনৰ (১৪) উইকেটটো হেৰুৱায়। ইয়াৰ পাছত দলটোৰ উইকেট পতনৰ ধাৰা অব্যাহত থাকে। অৱশ্যে ব্যতিক্রম আছিল ৰহুল তেৱাতিয়া। ৰহুল তেৱাতিয়াই ৪৩টা বলত ৮টা চাৰি আৰু ৪টা ছয়েৰে দলৰ হৈ সর্বাধিক ৬৮ ৰান কৰে। ২৯ ৰান কৰে যোছ বাটলাৰে। ইয়াৰ আগতে প্রথমে বেটিং কৰি বেংগালুৰুৱে অধিনায়ক ৰজত পাটিদাৰৰ অপৰাজিত ৯৩ ৰানৰ সহায়ত ৫ উইকেট হেৰুৱাই অভিলেখসংখ্যক ২৫৪ ৰান সংগ্ৰহ কৰে। 

আই পি এলৰ নক আউট পর্যায়ত এয়া আছিল কোনো এটা দলৰ সৰ্বাধিক ৰান। নক আউট পৰ্যায়ত ইয়াৰ আগতে সর্বাধিক ৩ উইকেটত ২৩৩ ৰান কৰিছিল ২০২৩ চনত গুজৰাটে মুম্বাই ইণ্ডিয়ান্‌ছৰ বিৰুদ্ধে। পাটিদাৰে ৩৩টা বলত ৫টা চাৰি আৰু ৯টা ছয়েৰে ৯৩ ৰান কৰে। বিৰাট কোহলীয়ে ২৫টা বলত ৫টা চাৰি আৰু ১টা ছয়েৰে ৪৩ আৰু ক্রুনাল পাণ্ডিয়াই ২৮টা বলত ৫টা চাৰি আৰু ২টা ছয়েৰে ৪৩ ৰান কৰে। ইয়াৰ উপৰি দেৱদত্ত পডিক্কলে ১৯টা বলত ৩০ ৰান আৰু অ'পেনাৰ ভেংকটেশ আয়াৰে ৭টা বলত ৩টা চাৰি আৰু ১টা ছয়েৰে ১৯ ৰানৰ অৱদান আগবঢ়ায়। 

কালি পৰাজিত হোৱাৰ পাছত গুজৰাটে এতিয়া আজি ৰাজস্থান ৰয়েলছ আৰু ছানৰাই জাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ'বলগীয়া এলিমিনেটৰৰ বিজয়ী দলটোৰ বিৰুদ্ধে ২৯ মে'ত দ্বিতীয়খন কোৱালিফায়াৰত খেলিব।

Share This