ডিজিটেল ডেস্ক : বাংলাদেশৰ ৰাজধানী ঢাকাত কালি পুনৰ ভাৰত বিৰোধী বিক্ষোভ প্ৰদৰ্শন আৰম্ভ হয়। ইনকিলাব মঞ্চই কালি সংগঠনটোৰ নেতা ওছমান হাদীৰ হত্যাৰ ন্যায় বিচাৰি ঢাকাৰ শ্বাহবাগত প্রতিবাদী সমাৱেশৰ আয়োজন কৰে। সেই সময়ত প্রতিবাদকাৰীয়ে ভাৰত বিৰোধী শ্ল'গানো দিয়ে।কালি শুকুৰবাৰৰ নামাজৰ পাছতে ঢাকা বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিওৱা হয় আৰু শ্বাহবাগত উপস্থিত হৈ প্রতিবাদকাৰীসকলে তাতে ধর্ণা দিবলৈ আৰম্ভ কৰে। ইনকিলাব মঞ্চই কয় যে হাদীৰ হত্যাৰ ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব।
ইফালে ইনকিলাব মঞ্চৰ প্ৰতিবাদৰ ফলত মহানগৰখনত যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰে। ইফালে হিন্দু যুৱক দীপু চন্দ্ৰ দাসৰ পাশৱিক হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আন ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে বাংলাদেশত চূড়ান্ত অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰি থকাৰ সময়তে ঘন কুঁৱলীৰ বাবে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা এতিয়া এক প্রত্যাহবান হৈ পৰিছে। এনে পৰিস্থিতিত পশ্চিম বংগৰ কোচ বিহাৰ জিলাৰ ৫৪৯ কিল'মিটাৰ দৈৰ্ঘ্যৰ সীমান্তত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বাচ্চ টাৱাৰসমূহৰ পৰা নিৰীক্ষণ ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে আৰু সীমান্তত নাইট ভিছন কেমেৰা লগোৱা হৈছে। ইয়াৰ লগতে বি এছ এফৰ জোৱানৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। নতুন দিল্লীৰ পৰা পোৱা বাতৰি মতে, বাংলাদেশত শেহতীয়াকৈ সংখ্যালঘু বিশেষকৈ হিন্দুক কৰা আক্ৰমণক লৈ বিদেশ মন্ত্ৰ্যালয়ে কঠোৰ আৰু আক্রমণাত্মক স্থিতি গ্রহণ কৰিছে। কালি বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে সাপ্তাহিক সংবাদমেলত কয় যে দেশখনত ভাৰত-বিৰোধী অপপ্ৰচাৰক ভাৰতে আগতেই অগ্রাহ্য কৰিছে। আইন-শৃংখলা আৰু সুৰক্ষা অব্যাহত ৰখাটো সম্পূৰ্ণৰূপে বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ দায়িত্ব। ভাৰতে পৰিস্থিতিৰ ওপৰত সূক্ষ্মভাৱে দৃষ্টি ৰাখিছে আৰু সংখ্যালঘুৰ বিৰুদ্ধে অব্যাহত থকা হিংসাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।
মৈমনসিং জিলাত শেহতীয়াকৈ এজন হিন্দুক হত্যা কৰাৰ ঘটনাক গৰিহণা দি জয়ছোৱালে কয় যে মহম্মদ ইউনুছৰ অন্তৱৰ্তী চৰকাৰৰ দিনত হিন্দুক আক্ৰমণ কৰাৰ ২৯০০টাতকৈ অধিক ঘটনা ঘটিছে। এই ঘটনাবোৰ সংবাদ মাধ্যমে অতিৰঞ্জিত কৰা নহয়, ই কঠোৰ বাস্তৱ আৰু ইয়াক অস্বীকাৰ কৰিব নোৱৰি। বাংলাদেশত স্বতন্ত্ৰ আৰু নিৰপেক্ষ নির্বাচন হোৱাটো বিচাৰে ভাৰতে। বি এন পি নেতা তাৰিক ৰহমানৰ বাংলাদেশলৈ প্ৰত্যাৱৰ্তনক ব্যাপক গণতান্ত্রিক প্ৰক্ৰিয়াৰ দৃষ্টিৰে চাব লাগে বাংলাদেশে। ভাৰতে বাংলাদেশত সুস্থিৰতা, সাৰ্বজনীন আৰু আইনৰ শাসন প্ৰৱৰ্তন হোৱাটো বিচাৰে বুলি তেওঁ কয়।