ডিজিটেল ডেস্ক : ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) আৰু বাংলাদেশৰ বি জি বিৰ মাজত সঞ্চালক প্রধান পর্যায়ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক যোৱা সোমবাৰৰ পৰা তিনিদিনীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হৈ যায়।
এই বৈঠকত অবৈধ আৰু বলপূর্বকভাৱে সীমান্ত পাৰ হোৱাকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হয়। বি এছ এফ আৰু বি জি বিৰ দুই মুৰব্বীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত নিৰাপত্তামূলক প্রত্যাহ্বানসমূহ সহযোগিতাৰে মোকাবিলা কৰাৰ সন্দর্ভতো আলোচনা হয়।
বি এছ এফৰ সঞ্চালক প্রধান প্রবীণ কুমাৰে ভাৰতীয় প্রতিনিধি দলটোক নেতৃত্ব দিয়াৰ বিপৰীতে বাংলাদেশৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়ে বি জি বিৰ মুৰব্বী মেজৰ জেনেৰেল মহম্মদ আশ্রাফুজ্জামানে।