ভাৰতৰ বিৰুদ্ধে খেলিবলৈ আগ্রহী বাংলাদেশ

dainik janambhumi March 23, 2026

ডিজিটেল ডেস্ক : আয়াৰলেণ্ডৰ বিৰুদ্ধে বাংলাদেশে বাতিল কৰিলে শৃংখলা। চলিত বছৰৰ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে বগা বলৰ শৃংখলা খেলিবলৈ আগ্রহী হৈ উঠিছে বাংলাদেশ। সেই কাৰণে আয়াৰলেণ্ড ভ্রমণ কৰিব খোজা নাই বাংলাদেশে। ছেপ্টেম্বৰত আয়াৰলেণ্ডৰ বিৰুদ্ধে মুখামুখি হোৱাৰ কথা আছিল লিটন দাস বাহিনীৰ। 


আনহাতে ছেপ্টেম্বৰতে ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ কথা মনত ৰাখি আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব নোখোজাৰ অৰ্থ হ'ব পাৰে যে বাংলাদেশ চৰকাৰে ভাৰতৰ সৈতে সম্পর্ক উন্নত কৰাৰ কথা ভাবিছে। বৰ্তমানৰ তাৰিক ৰহমান চৰকাৰে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত গ্ৰহণ কৰা ভাৰত বৰ্জন নীতিৰ পৰা আঁতৰি আহিছে। আয়াৰলেণ্ডত বাংলাদেশে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলাৰ কথা আছিল। কিন্তু আয়াৰলেণ্ডে চলিত বৰ্ষৰ সূচীত বাংলাদেশৰ বিৰুদ্ধে শৃংখলা সন্নিবিষ্ট কৰা নাই। ভ্ৰমণৰ সমস্যাৰ বাবে সেই শৃংখলা বাতিল কৰা বুলি অনুমান কৰা হৈছে। আচলতে ভাৰতে ২০২৫ চনৰ জুলাইত বাংলাদেশলৈ যোৱাৰ কথা আছিল। কিন্তু ভাৰতে উক্ত ভ্রমণ বাতিল কৰে। 

বাংলাদেশে চলিত বৰ্ষৰ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে তখন এদিনীয়া আৰু সমসংখ্যক টি-২০ মেচ খেলাৰ কথা। অৱশ্যে ভাৰত চৰকাৰে বাংলাদেশ ভ্ৰমণৰ অনুমতি প্রদান কৰিব নে নকৰে সেয়া লক্ষণীয় হ'ব। ইয়াৰ আগেয়ে বাংলাদেশে ভাৰতত অনুষ্ঠিত টি-২০ বিশ্ব কাপ বর্জন কৰিছিল। সেই সময়ত আছিল মহম্মদ ইউনুছৰ চৰকাৰ। ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনৰ পাছত চুবুৰীয়া দেশখনৰ প্রধানমন্ত্রী হয় তাৰিক ৰহমান। তেতিয়াৰ পৰাই বাংলাদেশ ক্রিকেট ব'র্ডে ক্ৰিকেটৰ বিষয়ত নৰম স্থিতি গ্রহণ কৰিছে।

Share This