দেশত এ আইৰ জৰিয়তে ডিজিটেল অপৰাধ ৰোধ কৰিব, চাইবাৰ অপৰাধীক 'পৰজীৱী' আখ্যা মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক : চাইবাৰ অপৰাধীবোৰক 'পৰজীৱী' হিচাপে অভিহিত কৰিলে দেশৰ মুখ্য ন্যায়াধীশ সূর্য কান্তে। উচ্চতম ন্যায়ালয়ত বুধবাৰে চাইবাৰ প্ৰৱঞ্চনা সম্পর্কীয় এটা গোচৰৰ শুনানিত অভিযুক্তক জামিন দিবলৈ অস্বীকাৰ কৰি ন্যায়াধীশগৰাকীয়ে কয় যে বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত এই সকলক ন্যায়িক জিম্মাত ৰাখিলেহে সমাজৰ হিত হ'ব। 

চাইবাৰ অপৰাধীৰ ক্ষেত্ৰত আমি অতি কঠোৰ হ'ব লাগিব বুলি উল্লেখ কৰি ন্যায়াধীশ সূর্য কান্তে কয় যে চাইবাৰ অপৰাধীবোৰে বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সৰকাই আহিছে। তিনিজনীয়া বিচাৰপীঠখনত মুখ্য ন্যায়াধীশ সূর্য কান্তৰ উপৰি ন্যায়াধীশ সুধাংশু ঢোলিয়া আৰু ন্যায়াধীশ সন্দীপ মেহতাও আছে।

 ইফালে চাইবাৰ অপৰাধী চক্ৰক ধৰা পেলোৱাৰ বাবে কৃত্রিম বুদ্ধিমত্তা (এ আই) প্রয়োগত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে। বুধবাৰে নতুন দিল্লীত চাই বাৰ অপৰাধ সংক্রান্তীয় এখন পর্যালোচনা বৈঠকত ভাগ লৈ শ্বাহে এ আই আৰু উন্নত প্রযুক্তিৰ জৰিয়তে দেশৰ চাইবাৰ অপৰাধ সঁহাৰি ব্যৱস্থা শক্তিশালী কৰি তোলাৰ নিৰ্দেশ দিয়ে।

Share This