ডিজিটেল ডেস্ক : বাংলাদেশে চলিত আই চি চি মহিলা বিশ্ব কাপৰ পৰা বিদায় লৈছে। প্রতিযোগিতাখনৰ কালিৰ এখন খেলত শ্রীলংকাৰ হাতত ৭ ৰানত পৰাজিত হয় বাংলাদেশ। শ্রীলংকাই প্রথমে বেট ধৰি কৰা ২০২ ৰানৰ প্রত্যুত্তৰত বাংলাদেশে ৯টা উইকেট হেৰুৱাই ১৯৫ ৰান কৰি থমকি ৰ'বলগীয়া হয়। বাংলাদেশে এটা সময়ত তিনিটা উইকেট হেৰুৱাই ১৭৬ ৰান কৰি শক্তিশালী স্থিতিতে আছিল। পিছে শ্রীলংকাৰ অধিনায়ক ছামাৰি আটাপাট্টোৱে ৪২ ৰানত ৪টা উইকেট দখল কৰি দললৈ জয় কঢ়িয়াই আনে।
বাংলাদেশৰ ইনিংস্থত নিগাৰ চুলতানাই ৭৭ আৰু ছার্মিন আখতাৰে অপৰাজিত ৬৪ বান কৰিলেও দলৰ পৰাজয় ৰোধ কৰাত ব্যর্থ হয়। শ্রীলংকাৰ হৈ আটাপাট্টোৰ উপৰি সুগন্ধিকা কুমাৰীয়ে দুটা উইকেট পায়। বাংলাদেশে ছখন মেচ খেলি এখনত জয় আৰু পাঁচখনত পৰাজয়েৰে প্রতিযোগিতাৰ পৰা বাহিৰ হয়। আনহাতে শ্রীলংকায়ো ছখন মেচ খেলি এখনত জয় আৰু তিনিখনত পৰাজিত হয়। আনহাতে তেওঁলোকে দুখন খেলত পইন্ট ভগাই লয়।
ইয়াৰ আগেয়ে স্বর্ণা আকতাৰৰ (৩-২৭) আকর্ষণীয় বলিঙৰ সহায়ত প্রথমে বেট ধৰা শ্রীলংকাৰ ইনিংছ ৪৮.৪ অভাৰত ২০২ ৰানত সীমিত ৰাখিবলৈ সক্ষম হয় বাংলাদেশে। তাৰ মাজতে হাছিনি পেৰেৰাই কেৰিয়াৰৰ শ্রেষ্ঠ ৮৫ ৰানৰ জৰিয়তে শ্রীলংকাৰ স্ক'ৰ ২০০ ৰানৰ সীমা পাৰ কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। গুরুত্বপূর্ণ খেলখনত হাছিনিয়ে চামাৰী আটাপাট্টো (৪৬) আৰু নীলাক্ষিকা ছিলভাৰে (৩৭) মিলি দুটা উল্লেখনীয় যুটি বান্ধে। বাংলাদেশৰ হৈ আকতাৰৰ উপৰি ৰাবেয়া খানে দুটা উইকেট দখল কৰে।