বাংলাদেশে ব্যৱহাৰ কৰিব নোৱাৰিব ভাৰতৰ ভূমি

dainik janambhumi April 10, 2025

ডিজিটেল ডেস্কঃ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল সন্দর্ভত বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে বিৰূপ মন্তব্য কৰাৰ পাছতেই ভাৰত চৰকাৰে বাংলাদেশলৈ সামগ্রী আদান-প্রদান জাহাজ পৰিবহণ ব্যৱস্থা বাতিল কৰাৰ কঠোৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ভূমি সীমা শুল্ক ষ্টেছনসমূহ, বন্দৰ সমূহ আৰু বিমান বন্দৰসমূহৰ মাজেৰে তৃতীয় দেশসমূহলৈ বাংলাদেশে সামগ্রী পৰিবহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে। 

উল্লেখযোগ্য যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ ভূমিয়ে আগুৰি আছে বুলি কৈ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ উত্তৰ-পূর্বাঞ্চললৈ চীনা অর্থনীতি সম্প্ৰসাৰণ কৰাৰ বিষয়ে বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কেইদিনমান পূর্বে ওকালতি কৰাৰ পাছতেই ভাৰত চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। এই সিদ্ধান্ত নিশ্চিত কৰি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে বুধবাৰে কয়  যে বহু দিন ধৰি বাংলাদেশলৈ জাহাজ পৰিবহণ ব্যৱস্থা সম্প্ৰসাৰণ কৰি থকাৰ ফলত ভাৰতৰ বিমান বন্দৰ আৰ বন্দৰ সমূহত ব্যাপক যান-জঁট হয়। তদুপৰি, বাংলাদেশলৈ এই পৰিবহণ ব্যৱস্থাৰ বাবে ভাৰতৰ নিজা ৰপ্তানিৰ ক্ষেত্ৰতো ব্যাপক অসুবিধাৰ সৃষ্টি হৈ আহিছে। ভাৰতৰ বিদেশ মন্ত্র্যালয়ে স্পষ্ট কৰি দিয়ে যে ৮ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মাজেৰে বাংলাদেশলৈ সামগ্রী পৰিবহণ বাতিল কৰা হৈছে। ইয়াৰ পাছতেই বাংলাদেশে ভাৰতীয় ভূমিৰ জৰিয়তে নেপাল, ভূটান আৰু ম্যানমাৰলৈ বাণিজ্য কৰাত বাধাৰ সৃষ্টি হ'ব।

Share This