ডিজিটেল ডেস্ক : শ্রীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত পৰিৱেশন কৰাসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিব অসম চৰকাৰে। কালি দিছপুৰত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, 'কংগ্ৰেছ দলৰ বৈঠকত বাংলাদেশৰ জাতীয় সংগীতটোক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয়। বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। সেইকাৰণে শ্রীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ বাবে নির্দেশ দিছোঁ।'
আনহাতে, আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে যথোপযুক্ত ধাৰাত গোচৰ পঞ্জীয়নেৰে গ্রেপ্টাৰ কৰি আইনী ব্যবস্থা গ্রহণ কৰিব বুলি জনাই তেওঁ লগতে কয়, 'বহুতো বাংলাদেশীয়ে উত্তৰ-পূবক তেওঁলোকৰ দেশৰ অংশ বুলি দাবী কৰি আহিছে।' ইফালে বাংলাদেশৰ জাতীয় সংগীত গোৱাসকলক কংগ্ৰেছে দলৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'গৌৰৱ গগৈয়ে মনে মনে ভালেই পাইছে। কাৰণ এয়া হৈছে পাকিস্তান চৰকাৰৰ প্ৰজেক্ট।
কেইদিনমানৰ আগতে পাকিস্তানৰ জইন্ট ষ্টাফ কমিটীয়ে বাংলাদেশৰ মহম্মদ ইউনিছক এটা প্রেজেন্টেশ্যন দিছে, তাতো ত্ৰিপুৰা আৰু অসমক বাংলাদেশৰ অংশ বুলি দেখুওৱা হৈছে। এতিয়া অসমখন বাংলাদেশৰে অংশ বুলি এটা বার্তা কংগ্রেছে বাংলাদেশলৈ পঠিয়াই দিলে। এই গোটেই কংগ্রেছ পার্টিটো পাকিস্তান আৰু বাংলাদেশৰ 'ডট ডট' পার্টি বুলি আমি ক'ব পাৰোঁ বুলিও মত প্রকাশ কৰে ড° শৰ্মাই।