বাংলাদেশত ভাৰতীয়ৰ ৱৰ্ক পার্মিট বাতিলৰ দাবী

dainik janambhumi December 30, 2025

ডিজিটেল ডেস্ক: ভাৰত-বিৰোধী ছাত্র নেতা ওচমান হাদীৰ হত্যাৰ পাছতে বাংলাদেশত বৃদ্ধি পাইছে ভাৰত-বিৰোধী আৱেগ। এতিয়া তেওঁৰ সংগঠন ইনকিলাব মঞ্চই ভাৰতীয়ৰ বাবে 'ৱৰ্ক পার্মিট' বাতিল কৰাৰ দাবী জনাইছে। এই দাবীৰে সৈতে চাৰিটা দাবী ৰূপায়ণৰ বাবে সংগঠনটোৱে চৰকাৰক মাত্র ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছে। 

সংগঠনটোৱে তেওঁলোকৰ নেতা শ্বৰীফ ওচমান হাদীৰ হত্যাত জড়িত প্রতিজনৰে বিচাৰ প্ৰক্ৰিয়া ২৪ দিনৰ ভিতৰত নিষ্পত্তি কৰিবলৈ হেঁচা দিছে। দেওবাৰে নিশা ইনকিলাব মঞ্চৰ সদস্য সচিব আব্দুল্লা আলী জাবেৰে ঢাকাৰ শ্বাহবাগত এই চূড়ান্ত সময়সীমাৰ কথা ঘোষণা কৰে। ফে'চবুকৰ এটা বিবৃতিত সংগঠনটোৱে কয়, 'হত্যাকাৰী, মূল ষড়যন্ত্রকাৰী, সহযোগী, পলায়নত সহায় কৰাসকল আৰু তেওঁলোকক আশ্রয় দিয়াকে ধৰি হত্যাত জড়িত দলটোৰ বিচাৰ পৰৱৰ্তী ২৪ দিনৰ ভিতৰত হ'ব লাগিব। বিবৃতিটোত আৰু কোৱা হৈছে যদি হাদীৰ হত্যাকাৰী পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰত উভতি নাহে বা যদি তেওঁলোক ভাৰতত থকাৰ বিষয়ে এক সুনির্দিষ্ট বিবৃতি লাভ কৰা নহয়, তেন্তে ভাৰতীয়ৰ ৱৰ্ক পার্মিট বাতিল কৰিব লাগিব। যদি ভাৰতে তাত আশ্ৰয় লৈ থকা সকলো হত্যাকাৰীক ওভতাই পঠিয়াবলৈ মান্তি নহয়, তেন্তে ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতত (ইণ্টাৰনেশ্যনেল ক'ৰ্ট অব্ জাষ্টিচ) এটা গোচৰ তৰিব লাগিব।

উল্লেখযোগ্য যে হাদীৰ হত্যাৰ দুটা মূল সন্দেহযুক্ত মেঘালয়ৰ সৈতে সংলগ্ন মৈমনসিংহ জিলাৰ হালুৱাঘাট সীমান্তইদি ভাৰতলৈ পলাই যোৱা বুলি ঢাকাৰ মেট্ৰ'পলিটান পুলিচে (ডি এম পি) দাবী কৰাৰ পাছতে সংগঠনটোৱে এই বিবৃতি প্রকাশ কৰে। অৱশ্যে ভাৰতে ডি এম পিৰ দাবী নাকচ কৰিছে। দুটা হিন্দু পৰিয়ালৰ বাসগৃহ ভস্মীভূত : বাংলাদেশত সংখ্যালঘু হিন্দুৰ বিৰুদ্ধে আক্ৰমণৰ ঘটনা অব্যাহত থকাৰ মাজতে ফিৰোজপুৰ জিলাৰ ডুমৰিতালা গাঁৱত দুটা হিন্দু পৰিয়ালৰ কমেও পাঁচটা ঘৰ জুইত জাহ যায়। ইয়াক সংখ্যালঘুৰ বিৰুদ্ধে পৰিকল্পিত আক্ৰমণ বুলি সন্দেহ কৰা হৈছে। এই ঘটনা সংঘটিত হয় ২৮ ডিচেম্বৰত। 

উল্লেখযোগ্য যে ১০ দিন আগতে দেশখনৰ মৈমনসিঙত ১৮ ডিচেম্বৰত ধৰ্মবিদ্বেষৰ অভিযোগত ২৯ বছৰীয়া এজন হিন্দু শ্রমিক দীপু চন্দ্র দাসক আক্ৰমণ কৰি তেওঁৰ দেহ জ্বলাই দিয়া হৈছিল। স্থানীয় প্রশাসনৰ মতে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিব পৰা হোৱা নাই। বাতৰি মতে আক্ৰমণকাৰীয়ে এটা কোঠাত কাপোৰ দ'মাই জুই লগাই দিয়ে। ফলত সোনকালেই জুই বিয়পি পৰে। ইফালে উক্ত পৰিয়ালৰ সদস্যই সংবাদ মাধ্যমক কয় যে পুৱতি নিশা তেওঁলোক যেতিয়া সাৰ পাইছিল বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি দিয়া হৈছিল আৰু তেওঁলোক ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিছিল। দুটা পীড়িত পৰিয়ালৰ ৮ জন সদস্যই টিন আৰু বাঁহৰ বেৰ কাটি বাহিৰলৈ ওলাই যায়। উক্ত অগ্নিকাণ্ডত তেওঁলোকৰ ঘৰ আৰু সমস্ত সম্পত্তি জুইত জাহ যায়। এই ঘটনাটো সংঘটিত হোৱা গাঁওখন বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ২৪০ কিল'মিটাৰ আঁতৰত অৱস্থিত।

Share This