ডিজিটেল ডেস্ক : বাংলাদেশৰ বিভিন্ন সীমান্তইদি বাংলাদেশী নাগৰিকক ভাৰতে ঠেলি পঠিওৱা (পুশ্ব ইন) অব্যাহত ৰখাৰ সময়তে এই বিতাৰণ পদ্ধতিক গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰে। দেশখনৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে মঙলবাৰে কয় যে ভাৰতৰ পৰা এনেদৰে নথি-পত্র নোহোৱাকৈ বাংলাদেশী নাগৰিকক বিতাৰণ কৰিলে দেশখনৰ অভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনিব।
বিদেশ উপদেষ্টাজনে কয় যে ভাৰতৰ সৈতে এই সমস্যাৰ সমাধান কনছুল পদ্ধতিৰ জৰিয়তে হোৱাটো বিচাৰে বাংলাদেশে। 'পুশ্ব ইন' পদ্ধতিৰে এই সমস্যা সমাধান নহয় বুলি বিদেশ উপদেষ্টাজনে মন্তব্য কৰে।
ঢাকাৰ বিদেশ মন্ত্ৰ্যালয়ত সাংবাদিকৰে বাৰ্তালাপত বিদেশ উপদেষ্টা হুছেইনে কয় যে এই বিষয়ত বাংলাদেশে ভাৰতৰ সৈতে চিঠিৰ আদান-প্রদান কৰিছে। বুধবাৰে এই সন্দৰ্ভত আৰু এখন পত্ৰ প্ৰেৰণ কৰিব বুলি হুছেইনে সাংবাদিকক জানিবলৈ দিয়ে।