ডিজিটেল ডেস্ক : বাংলাদেশ চৰকাৰৰ ক্ৰীড়া উপদেষ্টা আছিফ নজৰুলে দোহাৰে যে কোনো কাৰণতে টি-২০ বিশ্ব কাপৰ বাবে তেওঁলোকে ভাৰতলৈ দল প্ৰেৰণ নকৰে। ২১ জানুৱাৰীৰ ভিতৰত প্রতিযোগিতাখনত ভাগ লোৱাৰ প্ৰসংগত সিদ্ধান্ত গ্রহণ নকৰিলে বাংলাদেশৰ পৰিৱৰ্তে আন কোনো দলক সুযোগ দিয়া হ'ব বুলি আই চি চিয়ে চৰমসীমা বান্ধি দিছিল। আই চি চিয়ে চৰমসীমা বান্ধি দিয়া সত্ত্বেও বাংলাদেশ দল প্ৰেৰণ নকৰাৰ সিদ্ধান্তত অটল হৈ ৰৈছে।
বাংলাদেশ ক্রিকেট ব'র্ডে দল প্ৰেৰণ নকৰাৰ সিদ্ধান্তক লৈ নিজৰ স্থিতি সলনি নকৰিলে ২০ দলীয় প্রতিযোগিতাখনত স্কটলেণ্ডে বাংলাদেশৰ স্থান পূৰাব পাৰে। ইফালে জয় শ্বাহৰ আন্তর্জাতিক ক্রিকেট সংস্থাৰ বাৰম্বাৰ অনুৰোধৰ পাছতো সুৰ সলনি কৰিবলৈ ৰাজী হোৱা নাই ক্রীড়া উপদেষ্টা নজৰুল। মঙলবাৰে সংবাদ মাধ্যমৰে বৈঠকত নজৰুলে কয়, 'আমাৰ ওপৰত চাপ সৃষ্টি কৰি কোনো লাভ নাই, অযুক্তিকৰ হেঁচা দি ভাৰতত খেলিবলৈ বাধ্য কৰিব পৰা নাযাব। যদি আই চি চিয়ে ভাৰতীয় ব'ৰ্ডৰ হৈ আমাৰ ওপৰত হেঁচা দিব খোজে তেন্তে আমি ইয়াক মানি নলওঁ।'
ভাৰতীয় ক্রিকেট ব'র্ডে মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা বাদ দিয়াৰ বাবে ক্ষুব্ধ হৈ পৰিছিল বাংলাদেশ চৰকাৰ। ইয়াৰ পাছতে আছিফ নজৰুলৰ নির্দেশ মর্মে বি চি চিয়ে ভাৰতত বিশ্ব কাপ খেলাৰ ক্ষেত্ৰত আপত্তি উত্থাপন কৰিছিল। তেতিয়াৰ পৰাই আই চি চি চিয়ে অচলাবস্থা আঁতৰ কৰাৰ বাবে চেষ্টা চলাই আহিছে।