বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে

dainik janambhumi September 09, 2025

ডিজিটেল ডেস্কঃ বাংলাদেশত হিন্দুসকলৰ উৎসৱ দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে। এই মন্তব্য বাংলাদেশৰ অন্তৰ্ব্বর্তী গৃহ বিভাগৰ উপদেষ্টা অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল মহম্মদ জাহাংগীৰ আলম চৌধুৰীৰ। তেওঁ কয়- আগন্তুক দুর্গা পূজাত এইবাৰো সমগ্র দেশতে অস্থিৰতা সৃষ্টি কৰাৰ ষড়যন্ত্র চলিছে।

যোৱা বছৰতকৈ এইবাৰ অতি সতর্ক হৈ থাকিব লাগিব। দেওবাৰে ঢাকাৰ ৰাজাৰবাগ পুলিচ লাইনত আয়োজন কৰা এটা অনুষ্ঠানত তেওঁ এইদৰে কয়। আৰক্ষীক উদ্দেশ্য কৰি তেওঁ কয়, 'যোৱাবাৰ আপোনালোকৰ সহযোগিতাত দুর্গা পূজা খুব ভালদৰে উদ্যাপন হৈছে। সেইবাবে আপোনালোক ধন্যবাদৰ পাত্ৰ। যোৱা বছৰৰ দৰে এইবছৰো দুর্গা পূজাত সর্বোচ্চ নিৰাপত্তা নিশ্চিতিৰ বাবে বাংলাদেশৰ আৰক্ষীয়ে প্ৰস্তুতি চলাইছে।'

Share This