ডিজিটেল ডেস্ক : বাংলাদেশত ক্ষণে ক্ষণে ভংগ হৈছে মানৱ অধিকাৰ। ভাৰতৰ চুবুৰীয়া দেশখনত এতিয়া হত্যা, অপহৰণ, বলাৎকাৰ নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। শিশুৰ পৰা বৃদ্ধলৈকে কোনো সাৰি যোৱা নাই অসাধু চক্ৰৰ কবলৰ পৰা। কাৰ্যতঃ মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে দেশখন। শান্তিৰ নোবেল বঁটাপ্রাপক মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তী চৰকাৰৰ শাসনকালত দেশখনত মানৱ অধিকাৰ ভংগৰ ঘটনাই চূড়ান্ত ৰূপ লৈছে।
মানৱ অধিকাৰ মূলক সংগঠন 'হিউমেন ৰাইটছ ছাপ'র্ট ছ'চাইটি (এইচ আৰ এছ এছ)য়ে বাংলাদেশত ভয়াবহভাৱে মানৱ অধিকাৰ ভংগৰ তথ্য প্রকাশ কৰিছে। সংগঠনটোৱে বুধবাৰে ঢাকাত এখন সংবাদমেলত উল্লেখ কৰে যে অন্তৰ্ৱৰ্তী চৰকাৰৰ শাসনকালত যোৱা ১৭ মাহত দেশখনত ভয়ংকৰ ৰূপত মানৱ অধিকাৰ ভংগ হৈছে। মহম্মদ ইউনুছে নেতৃত্ব লোৱাৰ পাছত ২০২৪ চনৰ ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীলৈকে দেশখনত ৰাজনৈতিক হিংসা, গণহিংসা, সাংবাদিকৰ ওপৰত আক্ৰমণ, মত প্ৰকাশৰ স্বাধীনতাত হস্তক্ষেপ, আইন-শৃংখলা পৰিস্থিতিৰ অৱক্ষয় আদি বিভিন্ন ধৰণেৰে মানৱ অধিকাৰ খৰ্বৰ ঘটনা সংঘটিত হৈ আহিছে।
এইচ আৰ এছ এছৰ কাৰ্যবাহী সঞ্চালক ইজাজুল ইছলামে কয় যে যোৱা প্ৰায় ডেৰ বছৰত দেশখনত গণহিংসাই এনে ৰূপ লৈছে যে আৰক্ষী আৰু অর্ধ সামৰিক বাহিনীয়েও ইয়াক নিয়ন্ত্রণত সম্পূর্ণৰূপে বিফল হৈছে। সংগঠনটোৰ তথ্য অনুসৰি যোৱা ১৭ মাহত দেশখনত ৰাজনৈতিক হিংসাত ১৯৫জন লোকৰ মৃত্যু হৈছে। লগতে এই সময়ছোৱাত ১,৪১১টা ৰাজনৈতিক হিংসাৰ ঘটনাত ১১,২১৯জন লোক আহত হৈছে। ডেৰ বছৰত দেশখনৰ ৰাজনৈতিক দল বি এন পিৰ ১২১জন সদস্যক হত্যা কৰা হৈছে। আনহাতে, এই সময়ছোৱাত দেশখনত সন্ত্রাসবাদীৰ ২৩৬ট আক্রমণত ১৫৬জন লোক নিহত হোৱাৰ লগতে ২৪৯জন লোক আহত হৈছে। ইউনুছৰ শাসনকালত ৰাজনৈতিক দলৰ শতাধিক কার্যালয় ধ্বংস কৰাৰ লগতে শ শ বাসগৃহ, ব্যাৱসায়িক প্রতিষ্ঠান ভাঙি পেলোৱা হৈছে। ২০২৪ চনৰ ছেপ্টেম্বৰৰ পৰা বর্তমানলৈকে দেশখনত ৪১৩টা গণ আক্ৰমণৰ ঘটনাত ২৫৯জন লোকৰ মৃত্যু হৈছে।
ইফালে, এই সময়ছোৱাত বাংলাদেশত সাংবাদিকৰ ওপৰত ৪২৭টা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। য'ত ছজন সাংবাদিকৰ মৃত্যু হোৱাৰ লগতে ৮৩৪জনৰ ওপৰত বিভিন্ন প্ৰকাৰে নির্যাতন চলোৱা হৈছে। সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্রমণ চলোৱাৰ লগতে ২২২জন সাংবাদিকৰ ওপৰত গোচৰ জাপি দিয়া হৈছে। ইফালে, আৰক্ষীৰে সংঘৰ্ষত ডেৰ বছৰত দেশখনত ৬০জন লোকৰ মৃত্যু হৈছে। আনহাতে, কাৰাগাৰত মৃত্যু হৈছে ১২৭জন লোকৰ। এই সময়ছোৱাত দেশখনত ২,৬১৭গৰাকী মহিলা আৰু শিশুৰ ওপৰত নিৰ্যাতন চলোৱা হৈছে। ইয়াৰ ভিতৰত ১,০১৬গৰাকীক বলাৎকাৰ কৰা হৈছে। নিৰ্যাতনৰ ফলত ৪৭৮টা শিশুৰ মৃত্যু হৈছে।