ডিজিটেল ডেস্ক : মানৱ অধিকাৰ সম্পর্কীয় সংস্থা হিউমেন ৰাইটছ ৱাচ্চ (এইচ আৰ ডব্লিউ)ৰ এখন নতুন প্রতিবেদনত বাংলাদেশৰ সংখ্যালঘু, বিশেষকৈ হিন্দু আৰু আহমদীয়া মুছলমানক লক্ষ্য কৰি কৰা বৃদ্ধি পোৱা ভয়াৱহ আক্ৰমণৰ কথা প্ৰকাশ পাইছে।
'আফটাৰ দ্য মনছুন ৰিভলিউশ্যনঃ এ ৰ'ডমেপ টু লাষ্টিং ছিকিঅ'ৰিটি ছেক্টৰ ৰিফৰ্ম ইন বাংলাদেশ' শীর্ষক ৫০ পৃষ্ঠাৰ প্ৰতিবেদনত ২০২৪ চনৰ আগষ্টত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছত ইছলামী চৰমপন্থীয়ে সংঘটিত কৰা হিংসাত্মক ঘটনা তথা নিৰাপত্তা বাহিনীৰ অপব্যৱহাৰ প্রবলভাৱে বৃদ্ধি পোৱাৰ কথাত আলোকপাত কৰা হৈছে। এইচ আৰ ডব্লিউৰ মতে চৰমপন্থী গোটে হিন্দু আৰু ধর্মীয় সংখ্যালঘুৰ ওপৰত আক্রমণ বৃদ্ধি কৰিছিল। ইয়াৰে বহু ঘটনা জড়িত আছিল হাছিনাৰ আৱামী লীগৰ প্ৰতি উক্ত সম্প্রদায়সমূহৰ পাৰস্পৰিক সমৰ্থনৰ সৈতে।
প্রতিবেদনখনৰ মতে মহম্মদ ইউনুছৰ নেতৃত্বৰ অন্তৰ্ৱৰ্তী চৰকাৰ গঠন হোৱাৰ পাছত এনে হিংসাত্মক ঘটনা ত্বৰান্বিত হৈছে। প্রতিবেদনখনৰ মতে ২০২৪ চনৰ আগষ্ট আৰু অক্টোবৰৰ মাজত সাম্প্রদায়িক হিংসাৰ ৮৮টা ঘটনা সংঘটিত হৈছিল আৰু কেইবাডজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। হিন্দু সম্প্ৰদায়ৰ লোকৰ ব্যাৱসায়িক প্রতিষ্ঠান, ঘৰ আৰু উপাসনাৰ স্থল লণ্ডভণ্ড কৰা হৈছিল। ইছকনৰ প্ৰাক্তন সদস্য চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰৰ কথা উল্লেখ কৰি এই প্রতিবেদনত বাংলাদেশত ভাব প্রকাশৰ স্বাধীনতাৰ ক্ষেত্রত (বিশেষকৈ চৰকাৰৰ সমালোচকসকলৰ ক্ষেত্ৰত) বর্ধিত উদ্বেগত আলোকপাত কৰা হৈছে।
আনহাতে অসন্তুষ্টি-ক্ষোভক দমাই ৰখাত ন্যায়িক ব্যৱস্থাৰ ভূমিকাতো প্রতিবেদনখনত উদ্বেগ প্রকাশ কৰা হৈছে। প্রতিবেদনখনৰ মতে ২০২৪ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী আৰু আৱামী লীগৰ সদস্যকে ধৰি ৯২,০০০তকৈ অধিক লোকৰ বিৰুদ্ধে ভুৱা অভিযোগত গোচৰ তৰা হৈছে।