৬ হাজাৰ কিল'মিটাৰ এলেকাত ড্ৰ'ন, ৰাডাৰৰ প্ৰযুক্তিসমৃদ্ধ নিৰীক্ষণৰ ব্যৱস্থা, 'স্মার্ট' হ'ব বাংলাদেশ, পাকিস্তান সীমান্ত

dainik janambhumi May 24, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ পূব সীমান্তয়েদি অনুপ্রৱেশ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন সংকল্প লৈছে। ভাৰতৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেই খনত অস্বাভাৱিকভাৱে জন-গাঁথনি সলনি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে এটা দৃঢ় পদক্ষেপ লৈছে। 

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শুকুৰবাৰে সীমান্ত সুৰক্ষা বাহিনীক (বি এছ এফ) অনুপ্রৱেশকাৰীক ৰোধ কৰাত বিশেষ দায়িত্ব অর্পণ কৰে। স্থানীয় প্রশাসন আৰু আৰক্ষীৰ সহযোগত বি এছ এফক অনুপ্ৰৱেশৰ পথ বন্ধ কৰাৰ কামত নিয়োজিত হ'বলৈ কেন্দ্রীয় গৃহ মন্ত্রীয়ে নির্দেশ দিয়ে। গৃহ মন্ত্রী অমিত শ্বাহে ঘোষণা কৰে যে এবছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 'স্মার্ট সীমান্ত' প্রকল্প আৰম্ভ কৰিব। পাকিস্তান আৰু বাংলাদেশৰ ভূমিৰ কাষত থকা ৬০০০ কিল'মিটাৰ এলেকাত এই 'স্মার্ট সীমান্ত' নির্মাণ কৰা হ'ব বুলি কেন্দ্রীয় গৃহ মন্ত্ৰীয়ে ঘোষণা কৰে। দেশৰ পূৰ্বাঞ্চলৰ এলেকাত জন-গাঁথনি সলনি কৰাৰ বাবে চলি অহা ষড়যন্ত্ৰ ৰোধৰ বাবে ভাৰতে দৃঢ় পদক্ষেপ ল'ব বুলি হুংকাৰ দিয়ে অমিত শ্বাহে। 

বি এছ এফৰ প্রতিষ্ঠা দিৱসত অংশ লৈ অমিত শ্বাহে শুকুৰবাৰে কয় যে ভাৰতে পাকিস্তান আৰু বাংলাদেশৰে থকা সীমান্তত নিঃছিদ্র নিৰাপত্তা গঢ়ি তুলিব। শ্বাহে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অহা এবছৰৰ ভিতৰত পাকিস্তান আৰু বাংলাদেশৰে থকা সীমান্ত এলেকাত শক্তিশালী নিৰাপত্তা বেষ্টনী নিৰ্মাণ কৰিব। এই স্মার্ট সীমান্তত প্রযুক্তিসমৃদ্ধ ব্যৱস্থা, ড্র'ন, ৰাডাৰৰ নিৰীক্ষণ আৰু স্মার্ট চি চি টিভি কেমেৰা থাকিব আৰু এটাও অনুপ্ৰৱেশকাৰীয়ে পাকিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশৰ সুযোগ নাপাব। শ্বাহে কয় যে ত্রিপুৰা, পশ্চিম বংগ আৰু অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে অনুপ্রৱেশ ৰোধৰ বাবে ইতিমধ্যে কাৰ্যপন্থা আৰম্ভ কৰিছে। শ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই এটা উচ্চ ক্ষমতা সম্পন্ন জন-গাঁথনি অভিযান আৰম্ভ কৰিব।

Share This