পৰিয়ালৰ লোকে নজনাকৈ বাংলাদেশলৈ পঠাইছিল প্ৰশাসনে

Kakali Deka May 30, 2025

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বাংলাদেশীৰ নামত অভিযান আৰম্ভ কৰিছে চৰকাৰে। কিন্তু বাংলাদেশীক খেদিবলৈ গৈ অসম আৰু ভাৰতৰ নাগৰিকত্বৰ প্ৰমাণ পত্র থকা লোককো বাংলাদেশী সজাই পৰিয়ালৰ লোকে নজনাকৈ বাংলাদেশলৈ পঠিয়াই দিয়া হয় যদিও বাংলাদেশে সেই লোকসকলক গ্ৰহণ নকৰাত সীমান্তত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। প্রশ্ন হয়- চৰকাৰে বাংলাদেশীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ গৈ হাৰাশাস্তি কৰিছে নেকি প্ৰকৃত ভাৰতীয় নাগৰিকক?

 উল্লেখযোগ্য যে যোৱা শুকুৰবাৰৰ পৰা অন্তর্ধান হৈ থকা মহিলাগৰাকীৰ কালি বাংলাদেশ সীমান্তৰ পৰা ছ'চিয়েল মিডিয়াত প্ৰচাৰ হোৱা ছবি চাই সন্ধান ওলাল দৰঙৰ ধূলাৰ লটাখাট গাঁৱৰ এগৰাকী মহিলাৰ। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰা দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত লটাখাট গাঁৱৰ এটি ৯ মাহৰ সন্তানৰ মাতৃ তথা মুজিবুৰ ৰহমানৰ পত্নী মানিকজান বেগমক পৰিয়ালৰ লোকে নজনাকৈ পঠোৱা হ'ল বাংলাদেশলৈ। 

সামাজিক মাধ্যমত কোলাত কেঁচুৱা লৈ প্ৰখৰ ৰ'দত থিয় হৈ থকা ছবি দেখি মহিলাগৰাকীৰ পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হয়। বাংলাদেশী বুলি উঠাই লোৱা মানিকজান বেগমৰ পিতৃৰ ১৯৫১ চনৰ এন আৰ চিত নাম আছে। এই ক্ষেত্ৰত আমছুৰ দৰং জিলা সমিতিৰ সভাপতি মহবুবুল হকে চৰকাৰক নিৰীহ আৰু ভাৰতৰ নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ থকা মিঞা মুছলমানক কৰা হাৰাশাস্তি বন্ধ কৰিবৰ বাবে দাবী জনোৱাৰ লগতে সংখ্যালঘু বিধায়কসকলকো নিৰীহৰ হৈ আগুৱাই আহিবলৈ আহ্বান জনায়। লগতে বিদেশী বুলি প্রমাণ নোহোৱালৈকে মানিকজানক স্বগৃহলৈ ওভতাই অনাৰ বাবে প্ৰশাসনক অনুৰোধ জনায় পৰিয়ালৰ লগতে আমছুৰ নেতৃবৃন্দই।

 ইফালে, দলগাঁৱৰ খেৰণি চাপৰিৰ মাজেদা বেগম নামৰ এগৰাকী ৬০ বছৰ বয়সৰ মহিলাক আৰক্ষীয়ে নিজা গৃহৰ পৰা উঠাই নিয়াৰ পিছত আজিলৈকে পৰিয়ালৰ লোকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই।

Share This