ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঠাকুৰাণবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত আজি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে। ১৪জন অবৈধ বাংলাদেশী নাগৰিকক ভাৰতৰ পৰা বাংলাদেশলৈ ওভতাই পঠোৱাক লৈ বিতৰ্কৰ সৃষ্টি হয়। প্রাপ্ত তথ্য মতে, বৰ্ডাৰ গার্ড বাংলাদেশ (বিজিবি) য়ে বাংলাদেশী নাগৰিক কেইজনক চমজি নোলোৱাত আজি উক্ত সীমান্ত এলেকাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰে আজি ১৪ জন বাংলাদেশী নাগৰিকক অসমৰ পৰা বাংলাদেশত ওভতাই পঠোৱাৰ পাছত বি জি বি আৰু বাংলাদেশী নাগৰিকে বাধা দিয়াক লৈ সীমান্তত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে, অবৈধভাবে মৰিগাঁও জিলাত বসবাস কৰা বাংলাদেশীকেইজনক বি এছ এফে আজি পুৱাৰ ভাগত ঠাকুৰাণবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্ত গে'টেৰে ওভতাই পঠিয়ায়। সীমান্তৰ সিপাৰে থকা বি জি বিয়ে ১৪ জন অবৈধ বাংলাদেশী নাগৰিক ঘূৰাই লোৱাত আপত্তি দর্শায়।
বাংলাদেশীকেইজনক পুনৰ ভাৰতলৈ প্ৰেৰণ কৰাৰ চেষ্টা কৰাত সীমান্তত উত্তেজনাৰ সৃষ্টি হয়। ফলত বি এছ এফে শূন্যলৈ চাৰি জাঁই গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। পাছত অসমৰ পৰা ওভতাই পঠোৱা ১৪ অবৈধ বাংলাদেশী সীমান্তৰ 'ন' মেন্ছ লেণ্ড'ত অৱস্থান কৰি আছে।
জানিব পৰা মতে উক্ত ১৪ জন অবৈধ বাংলাদেশী বাংলাদেশৰ নাগৰিক যদিও বি জি বিয়ে বাংলাদেশত প্ৰৱেশ কৰিবলৈ দিয়া নাই। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি উক্ত ১৪ জন অবৈধ বাংলাদেশী নাগৰিকে 'ন' মেন্ছ লেণ্ড'ৰ কাষতে থকা বাংলাদেশৰ গাঁৱত আশ্ৰয় লৈ আছে। আনহাতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ইপিনে খবৰ লাভ কৰি আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ দল সীমান্তত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়