৩৫ বিধ ঔষধ নিষিদ্ধ কৰিলে কেন্দ্রই

dainik janambhumi April 19, 2025

ডিজিটেল ডেস্ক : জনস্বাস্থ্যক সুৰক্ষা দিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰি কেন্দ্রীয় ঔষধ মান নিয়ন্ত্রণ সংগঠনে (চি ডি এছ চি অ') নিৰাপদ অৱস্থা তথা ফলপ্রসূতাত উদ্বেগ প্রকাশ কৰি ৩৫ বিধ ফিল্ড ড'জ কম্বিনেশ্যন (এফডি চি) দৰবৰ বিক্ৰী আৰু উৎপাদন নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। এই দৰববোৰৰ ভিতৰত পেইনকিলাৰ, পৰিপুষ্টি পৰিপূৰক (নিউট্ৰেশ্যনেল ছাপ্লিমেন্ট), জনন ক্ষমতাৰ দৰব আৰু ডায়েবেটিছ প্ৰতিৰোধী দৰবো আছে। 

'ককটেইল দৰব' নামে জনাজাত এফ ডি চি দৰববোৰত পূৰ্বনিৰ্ধাৰিত অনুপাতত দুটা বা অধিক সক্রিয় ঔষধীয় উপাদান (এক্টিভ ফার্মাচিউটিকেল ইনগ্রেডিয়েন্টছ- এ পি আই) থাকে। জনস্বাস্থ্যৰ বাবে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰি কিছু এফ ডি চি দৰব কিমান নিৰাপদ সেয়া আগতে পৰীক্ষা নকৰাকৈ উৎপাদন, বিক্ৰী আৰু বিতৰণৰ বাবে লাইচেন্স দিয়া বাবেই চি ডি এছ চি অ'ই এই নিষেধাজ্ঞা জাৰি কৰে। 

কেন্দ্ৰীয় নিয়ন্ত্রণ সংগঠনটোৱে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ দৰব নিয়ন্ত্ৰকলৈ এই সন্দৰ্ভত যোৱা ১১ এপ্রিলত নিৰ্দেশ জাৰি কৰে। নিষিদ্ধ কৰা দৰৱবোৰৰ ভিতৰত আছে নেফ'পাম হাইড্ৰ'ক্লৰাইড ৩০ মিঃ গ্রাঃ+ পেৰাচিটামল ৩২৫ মিঃ গ্রাঃ, চেফিকজাইম আই পি ২০০ মিঃ গ্রাঃ) + অফ্লক্সেচিন আই পি ২০০ মিঃ গ্রাঃ+ লেকটিক এচিড বেচিলাছ ৬০। তদুপৰি নিৰীক্ষণত আছে ডায়েবেটিছৰ ৰোগীয়ে ব্যৱহাৰ কৰা গ্লিমেপিৰাইড ১ মিঃ গ্রাঃ + মেটফৰমিন ৫০০ মিঃ গ্রাঃ।

Share This