ডিজিটেল ডেস্ক : বার্চিলোনাই ২০১৯ চনৰ পাছত প্রথমবাৰলৈ চেম্পিয়নছ লীগৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বৰুছিয়া ডর্টমুণ্ডৰ হাতত কোৱাৰ্টাৰ ফাইনেলত মঙলবাৰে নিশা দ্বিতীয় লেগত ৩-১ ব্যৱধানত পৰাজিত হ'লেও বার্চিলোনাই সামগ্রিকভাবে ৫-৩ গ'লত জয়েৰে অন্তিম ৪ত স্থান নিশ্চিত কৰে। উল্লেখযোগ্য যে কোৱাৰ্টাৰ ফাইনেলত প্রথম লেগৰ খেলত বার্চিলোনা জয়ী হৈছিল ৪-০ গ'লত। মঙলবাৰে নিশা কোৱাৰ্টাৰ ফাইনেলৰ দ্বিতীয় লেগত ডর্টমুণ্ডক পেনাল্টিৰ জৰিয়তে ১১ মিনিটত অগ্রগতি দিয়ে ছেৰহো গিৰাছীয়ে।
ইয়াৰ পাছত গিৰাছীয়ে ৪৯ আৰু ৭৬ মিনিটত ১টাকৈ গ'ল দি নিজৰ হেটত্রিক পূৰ কৰে। তাৰ মাজতে ডর্টমুণ্ডৰ ৰামী বেনছেবাইনীয়ে ৫৪ মিনিটত দিয়া আত্মঘাতী গ'লেৰে বার্চিলোনাই এটা গ'ল পৰিশোধ কৰে। ইফালে, এষ্টন ভিলাৰ হাতত পৰাজিত হোবা সত্ত্বেও ছেমি ফাইনেলত প্ৰৱেশ কৰে ফ্রান্সৰ ক্লাব পি এছ জিয়ে। ঘৰৰ মাটিত কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথম লেগত পেৰিছ ছেইন্ট জার্মেই (পি এছ জি) জয়ী হৈছিল ৩-১ গ'লত। আনহাতে ইংলেণ্ডত অনুষ্ঠিত দ্বিতীয় লেগত এমি মার্টিনেজৰ দলৰ হাতত ৩-২ গ'লত পৰাজিত হয় ফৰাচী ক্লাব পি এছ জি। সামগ্রিকভাবে ৫-৪ গ'লত জয়েৰে পি এছ জিয়ে ছেমি ফাইনেললৈ আগবাঢ়ে।