ডিজিটেল ডেস্ক : ভগৱৎ প্ৰেম আৰু সাৰ্বজনীন মানৱ প্ৰেমৰ অপূৰ্ব সমাহাৰৰ উৎসৱ বৰপেটাৰ দেউলৰ কালি ৰং আৰু আনন্দৰ মাজেৰে সামৰণি পৰে। মহা আনন্দৰ উৎসৱ সুঁৱেৰী উৎসৱ পালন কৰাৰ পাছতে নিজম পৰে কৃষ্ণ সংস্কৃতিৰ পীঠস্থান সত্ৰ নগৰী বৰপেটা। ৰং-ৰসৰ সাগৰত অৱগাহন কৰি এতিয়া ভাগৰুৱা সকলোৰে মন-প্রাণ। যোৱা পাঁচদিন ধৰি হৰিনামৰ ধ্বনি আৰু হোলীগীতৰ সুৰৰ মূর্ছনাৰে মুখৰিত হৈ থকা সত্ৰ নগৰী বৰপেটাত কালি পাৰ ভাঙি বয় আনন্দৰ নিজৰা। যোৱা পাঁচদিন ধৰি দৌল উৎসৱ পালন কৰা বৰপেটাবাসীয়ে কালি বিভিন্ন প্ৰান্তৰ পৰা অহা আলহী অতিথিৰ সৈতে পালন কৰে সুঁৱেৰী উৎসৱ। বৃহস্পতিবাৰে নিশাৰ ভাগত দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক দৌল গৃহৰ পৰা নমাই অনাৰ পাছতে কালি পুৱাৰ পৰাই আনন্দত উন্মনা হৈ পৰে বৰপেটাবাসী।
সুঁৱেৰী উৎসৱ উপলক্ষে ৰঙে-ৰসে ভৰপূৰ হৈ উঠে সমগ্ৰ বৰপেটা। ৰঙীন হৈ পৰে বৰপেটাৰ আকাশ-বতাহ। সাময়িকভাৱে দুখ-যন্ত্রণাক উপেক্ষা কৰি থৈ কালি পুৱাৰে পৰা ওলাই অহা মানুহবোৰৰ মুখবোৰ বিভিন্ন ৰঙেৰে ৰঙীন হৈ পৰে। চাৰিওপিনে কেৱল ৰং আৰু ৰং। আবাল বৃদ্ধ-বনিতাৰ পৰা আৰম্ভ কৰি শিশুলৈকে কোনো বাদ পৰি যোৱা নাই এই আনন্দৰ পৰা। পাৰ ভাঙি বয় বৰপেটাবাসীৰ হৃদয়ে হৃদয়ে প্রৱাহিত প্ৰেমৰ নিজৰা। প্রত্যেকেই ইজনে-সিজনৰ মুখত সানি দিয়ে হেঁপাহৰ ৰং। ৰঙা, নীলা, সেউজীয়া ৰঙৰ ফাকুগুৰি ছটিয়াই ইজনে-সিজনক নিৱেদন কৰে প্ৰেম- শুভেচ্ছা। শিশুসকলে ফিচকাৰীৰে ৰং ছটিয়াই ৰঙে ৰঙে একাকাৰ কৰি তোলে সমগ্ৰ পৰিবেশ। কালিৰ এই দিনটোত সমগ্র বৰপেটাবাসীয়ে কেৱল ৰঙৰ মাজেৰেই প্রকাশ কৰে বছৰজোৰা সাঁচি ৰখা উৎসাহ-উদ্দীপনা। সৰ্বত্ৰ ৰঙত মতলীয়া হৈ পৰা বৰপেটা সত্ৰৰ যুৱক-যুৱতীসকলে দলবান্ধি পৃথকে পৃথকে হোলীগীত গাই গাই চহৰখনৰ বাইশখন হাটীৰ পথ হৰ্যোল্লাসেৰ মুখৰিত কৰি তোলে। বৰপেটা আৰু ইয়াৰ আশেপাশে থকা অঞ্চলৰ লোকসকলে পুৱাৰ ভাগত এইদৰে ৰং-আনন্দ প্ৰকাশ কৰাৰ পাছত দুপৰীয়া দৌল উৎসৱৰ প্ৰধান কেন্দ্ৰ বৰপেটা সত্ৰলৈ ধাৱমান হয়। বৰপেটা সত্ৰৰ বাহিৰে-ভিতৰে সৃষ্টি হয় জনসমুদ্ৰৰ। ইয়াৰ মাজতে বাৰাদি সত্ৰৰ পৰাও গোসাঁইক বৰপেটা কীৰ্তন ঘৰলৈ অনা হয়। ব্যাপক জনসমাগমৰ মাজতে বিয়লি দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰৰ লগতে বাৰাদিৰ পৰা নিয়া গোসাঁইক তিনিখন সুশোভিত দোলাত তুলি বৰপেটা সত্ৰৰ দক্ষিণ দিশে প্রায় ডেৰ কিল'মিটাৰ নিলগত থকা কলবাৰী সত্ৰলৈ নিয়া হয়। এই সময়ছোৱাত গায়ন-বায়নৰ খোল-তালৰ মধুৰ শব্দ, আইসকলৰ নাম, ভক্তসকলে গোৱা হোলীগীতৰ গুঞ্জনে মুখৰিত কৰি তোলে সমগ্ৰ পৰৱেশটো। জনসমাগমৰ ভিৰ ঠেলি ঠেলি তিনিও গোসাঁইক কলবাৰী সত্ৰলৈ নি হেকেটা খুওৱাৰ পাছতে পুনৰ গোসাঁইত্ৰয়ক একেই সমদল যাত্ৰা কৰি বৰপেটা সত্রলৈ লৈ অনা হয়। গোসাঁইক লৈ অহা সমদলটো বৰপেটা সত্ৰৰ দালানৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে সত্ৰৰ টুপৰ চোতালত বাঁহ ভঙা পৰ্ব আৰম্ভ হয়।
উল্লেখযোগ্য যে শ্রীকৃষ্ণই লক্ষ্মীৰ গৃহ এৰি ঘুনুচাৰ গৃহত থাকি আহি পুনৰ লক্ষ্মীৰ গৃহত প্ৰৱেশ কৰিবলৈ লওঁতে লক্ষ্মীয়ে শ্রীকৃষ্ণক গৃহ প্রৱেশত বাধা দিয়ে। এই কাহিনীৰ আধাৰতে বাঁহ ভঙা পর্ব অনুষ্ঠিত হয়। বৰপেটাৰ যুৱক-ভক্তবৃন্দই সমস্ত শক্তি উজাৰি দি এই বাঁহ ভঙা কার্যত লিপ্ত হয়। এই আকর্ষণীয় দৃশ্য প্রত্যক্ষ কৰি বাৰুকৈয়ে আপ্লুত হয় যাত্রীসকল। বাঁহ ভঙা পৰ্বৰ পিছত দৌলগোবিন্দ আৰু কলীয়া গোসাঁইক সত্ৰৰ চৌহদত প্ৰৱেশ কৰোৱা হয় আৰু কীৰ্তনঘৰৰ চাৰিওফালে সাতপাক ঘূৰোৱা হয়। গোসাঁইদ্বয়ক লৈ কীৰ্তনঘৰৰ চাৰিওপিনে প্রদক্ষিণ কৰি থকাৰ সময়ছোৱাত মঠৰ চোতালত অনুষ্ঠিত হয় বোলবোলনি অনুষ্ঠানৰ। শ্রীকৃষ্ণ আৰু লক্ষ্মীদেৱীৰ পক্ষৰ মাজত বাদানুবাদৰে অনুষ্ঠিত হোৱা নাট্যধর্মী এই বোলবোলনি অনুষ্ঠানে মুগ্ধ কৰে উপস্থিত সকলোকে। বোলবোলনি পৰ্বৰ পাছতে গোসাঁইদ্বয়ক কীৰ্তনঘৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হয় আৰু ইয়াৰ লগে লগে সামৰণি পৰে বৰপেটাৰ দৌল উৎসৱৰ। এই আনন্দৰ শেষত ক্লান্তি-অৱসাদেৰে ঘৰমুৱা হয় সকলো। ওভতনি যাত্ৰা আৰম্ভ কৰে দুৰণিবটীয়া যাত্ৰীসকলে। বৰপেটা সত্ৰৰ নিচিনাকৈ পাটবাউসী, সুন্দৰীদিয়া, বাৰাদি, গণককুছি, কেওটকুছি, বহৰি সত্ৰ, ছুটীয়াপাৰা আদিতো পালন কৰা হয় সুঁৱেৰী উৎসৱ।