ডিজিটেল ডেক্স ঃ বৰপেটা জিলাৰ বহৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
বহৰিত ব্ৰহ্মপুত্ৰৰ নৈত গা ধুবলৈ গৈ দুজন কিশোৰ সন্ধানহীন হৈ পৰিছে।
সন্ধানহীন হৈ পৰা কিশোৰ দুজন তাৰাবাৰী থানাৰ অন্তৰ্গত বহৰিৰ মণ্ডলপাৰাৰ মহেশ তালুকদাৰৰ ১৫ বছৰীয়া পুত্ৰ কাৰ্তিক তালুকদাৰ আৰু বহৰি চৌধুৰীপাৰাৰ বিজয় চৌধুৰীৰ ১৬ বছৰীয়া পুত্ৰ অমিত চৌধুৰী।
অমিত চৌধুৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।
কাৰ্তিক তালুকদাৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।
কাৰ্তিক তালুকদাৰে বিদ্যালয়ৰ পৰা আহি বন্ধু অমিত চৌধুৰীৰ স'তে নদীৰ পাৰলৈ গৈছিল।
দুপৰীয়া প্ৰায় এক মান বজাত দুই বন্ধুই বহৰিৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰত থকা এডাল গছৰ তলত ম’বাইলত গেম খেলিছিল।
তাৰ পাছত ম’বাইল আৰু অন্যান্য সামগ্ৰী নৈৰ পাৰত থৈ গা ধুবলৈ ব্ৰহ্মপুত্ৰৰ পানীত নামিছিল দুই কিশোৰে।
ব্ৰহ্মপুত্ৰৰ তীব্ৰ সোঁতত কিশোৰ দুগৰাকী উটি যোৱা বুলি মন্তব্য কৰিছে প্ৰত্যক্ষদৰ্শীয়ে।