ডিজিটেল ডেস্ক : সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰে পালন কৰা বৰপেটা সত্ৰৰ বহাগৰ দোমাহীৰ কালি সামৰণি পৰে। কালি সামৰণি উপলক্ষে আয়োজন কৰা হয় থিয়নাম। উল্লেখযোগ্য যে বৰপেটা সত্ৰত পালন কৰা বহাগৰ দোমাহী সাত বহাগৰ দিনা সামৰা হয় আৰু অন্তিম দিনা থিয় নামৰ আয়োজন কৰাৰ এক পৰম্পৰা চলি আহিছে। এই পৰম্পৰা অনুসৰি কালি আয়োজন কৰা থিয় নাম চাবলৈ সন্ধিয়া লোকাৰণ্য হৈ পৰে মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ স্থাপিত বৰপেটা সত্ৰ চৌহদ। কালি বৰপেটা সত্ৰ চৌহদৰ বাহিৰত বিয়লিৰ পৰা নিশালৈকে থিয়নাম অনুষ্ঠিত হয়। বৰপেটা সত্ৰৰ ফালৰ পৰা নিমন্ত্ৰণ দি থিয় নাম বা বীৰ নাম অনুষ্ঠিত কৰি অহাটো বৰপেটা সত্ৰত পালিত উৎসৱবোৰৰ ভিতৰত অন্যতম এক অনুষ্ঠান। বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখৰ নহাটী বাটচ'ৰাৰ সমীপত, দক্ষিণ দিশে আৰু উত্তৰ দিশৰ বাটচ'ৰাৰ সমীপৰ মুকলি ঠাইখিনি নামস্থলী হিচাপে ব্যৱহাৰ কৰা হয়।
উক্ত নামস্থলীত থুল দক্ষিণ হাটী, থুল নহাটী আৰু থুল উত্তৰ হাটীৰ ভক্তসকলে তিনিখন বৰশৰাই পাতিনাম আৰম্ভ কৰে। কালি আবেলিৰ নিত্য-প্ৰসংগৰ পাছত প্রথমে থুল দক্ষিণহাটী, থুল নহাটী আৰু শেষত থুল উত্তৰহাটীৰ ভকতে নাম আৰম্ভ কৰে। নাম শেষ হোৱাৰ অন্তত সন্ধিয়া ক্রমে থুল দক্ষিণহাটীয়ে, থুল নহাটীয়ে আৰু থুল উত্তৰহাটীৰ ভকতসকলে থান বন্দনী ঘোষা গাইসত্র চৌহদত প্ৰৱেশ কৰে। মঠৰ চোতালত ভকতসকলে সামৰণি ঘোষা গাই নাম সম্বৰণ কৰে। সত্ৰ নগৰী বৰপেটাৰ বাইশখন হাটীৰ পৰা অহা ভক্তসকলে বিভিন্ন গোটত ভাগ হৈ থিয়নামত অংশগ্ৰহণ কৰে। নাগাৰা, তাল আৰু পালিসকলৰ হাততালিৰ সহায়ত উপভোগ্য হৈ উঠা এই থিয়নাম চাবলৈ বহুসংখ্যক লোকৰ ভিৰ হয়। বিয়লিৰ পৰা নিশালৈকে হৰিনামৰ ধ্বনিত মুখৰ হৈ পৰা বৰপেটা সত্ৰৰ বাকৰিত বহু অঞ্চলৰ পৰা অহা ভক্তইচন্দ্ৰতাপেৰে অস্থায়ীভাবে সজা ৰভাৰ তলত আহি নৈবেদ্য হিচাপে চেনি, গুৰ, গুৱামুৰি আদি আগবঢ়াই মংগল কামনা কৰি সেৱা গ্ৰহণ কৰে।
প্রণিধানযোগ্য যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দিনৰ পৰাই থিয়নাম বা পালনাম চলি আহিছে যদিও বৰপেটা সত্ৰৰ আদি অধিকাৰ শ্ৰী শ্ৰী মথুৰাদাস বুঢ়া আতাই থুল হাটীক এই নামৰ লগত জড়িত কৰাই বহাগৰ দোমাহীত থিয়নাম বা বৰনাম হিচাপে প্রচলন কৰে। ইপিনে শ্রীশ্রী মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰৰ বাকৰিতো বহাগৰ দোমাহীৰ নাম অনুষ্ঠিত হয়। সুন্দৰীদিয়া সত্ৰৰ হাটীসমূহে এই থিয় নামত অংশগ্রহণ কৰে। আজিৰ থিয়নাম চাবলৈ পুৰুষ-মহিলাকে ধৰি বহুসংখ্যক লোকৰ সমাৱেশ ঘটে।