ডিজিটেল ডেস্ক : হেৰী কেনৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে বায়ার্ন মিউনিখে ক্লাব বিশ্ব কাপ ফুটবলৰ শুকুৰবাৰে নিশা অনুষ্ঠিত হোৱা এখন মেচত বোকা জুনিয়ৰ্ছক ২-১ গ'লৰ ব্যৱধানত পৰাজিত কৰে। ইয়াৰ লগে লগে বায়ার্ন এইবাৰৰ ক্লাব বিশ্ব কাপৰ নকআউট পৰ্যায়ত উপনীত হোৱা প্রথমটো দলৰূপে পৰিগণিত হয়।
ইংলেণ্ড ফুটবল দলৰ অধিনায়ক হেৰীয়ে শুকুৰবাৰে এটা গ'ল দিয়াৰ লগতে দ্বিতীয়টোত সহায় কৰে। মেচখনত হেৰীয়ে খেলৰ ১৮ মিনিটত এটা দর্শনীয় গ'লেৰে বায়ার্নক অগ্রগতি দিয়ে। প্রথমার্ধত বেয়াৰ্ন ১-০ ব্যৱধানত আগবাঢ়ি থাকে। খেলৰ ৬৬ মিনিটত মিগুৱেল মেৰেণ্টিয়েলে দিয়া গ'লটোৰ সহায়ত বোকা জুনিয়ছে সমতা স্থাপন কৰে।
৮৪ মিনিটত হেৰীৰ পাছত মাইকেল অলিচে দিয়া গ'লটোৰ সহায়ত বায়ার্নে ২-১ অগ্রগতি দিয়াৰ লগতে জয় নিশ্চিত কৰে। জার্মানিৰ চেম্পিয়ন ক্লাবটোৰ গ্রুপ চিত এয়া আছিল একেৰাহে দ্বিতীয় জয়।