ডিজিটেল ডেস্ক : শনিবাৰে অনুষ্ঠিত হোৱা ২৮ সংখ্যক এপেক্স কাউন্সিল বৈঠত ২০২৬ চনৰ জানুৱাৰী মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হোৱাইট বলৰ ঘৰুৱা শৃংখলাৰ স্থান নিশ্চিত কৰে বি চিvচি আয়ে। এই শৃংখলাত তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচ অনুষ্ঠিত হ’ব।
এই শৃংখলাৰ প্ৰথমখন এদিনীয়া ১১ জানুৱাৰীত বদোদৰাত, দ্বিতীয়খন এদিনীয়া ১৪ জানুৱাৰীত ৰাজকোটত আৰু তৃতীয়খন এদিনীয়া ১৮ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’ব ।
দিনৰ ১-৩০ বজাৰ পৰা আটাইকেইখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব । সম্প্ৰতি ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা যদিও ভাৰত-নিউজিলেণ্ডৰ শৃংখলাত ৰোহিতক টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে অনুৰাগীয়ে দেখিবনে নাই, সেয়া সময়তহে দেখা যাব ৷
ইয়াৰ পিছত ২১ জানুৱাৰীত নাগপুৰ (মহাৰাষ্ট্ৰ)ত প্ৰথমখন টি-২০ মেচ, ২৩ জানুৱাৰীত ৰায়পুৰ (ছট্টিশগড়)ত দ্বিতীয়খন টি-২০ মেচ, ২৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা (অসম)ত তৃতীয় টি-২০ মেচ, ২৮ জানুৱাৰীত ভাইজাগ (অন্ধ্ৰ প্ৰদেশ)ত চতুৰ্থ টি-২০ মেচ আৰু ৩১ জানুৱাৰীত তিৰুৱনন্তপুৰম (কেৰালা)ত পঞ্চমখন টি-২০ মেচ অনুষ্ঠিত হ’ব ।
উৎস: প্ৰাগ নিউজ ডিজিটেল