ডিজিটেল ডেস্ক : ভাৰতে পুৰুষৰ এছিয়া কাপ আৰু মহিলাৰ ইমার্জিং দলীয় এছিয়া কাপ বৰ্জন কৰিব বুলি প্রকাশিত বাতৰি অস্বীকাৰ কৰিছে বি চি চি আয়ে। সোমবাৰে উক্ত খবৰে তুমুল চাঞ্চল্যৰ সৃষ্টি কৰে। পিছে সেই বাতৰিৰ কোনো বাস্তৱ ভিত্তি নাই বুলি জানিবলৈ দিয়ে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই। ব'ৰ্ডৰ সচিব শইকীয়াই কয়, 'খবৰ প্ৰকাশিত হৈছে যে ভাৰতে এছিয়া কাপৰ পৰা আঁতৰি থাকিব। এই খবৰে ওলাইছে যে মহিলাৰ ইমাজিং টীমে এছিয়া কাপো বৰ্জন কৰিব। এই ধৰণৰ খবৰৰ কোনো সত্যতা নাই। আসন্ন এ চিচি ইভেন্টসমূহক লৈ ব'র্ডে এই ধৰণৰ কোনো সিদ্ধান্ত লোৱা নাই।'
শইকীয়াই আৰু কয়, 'কোৱা হৈছিল, ভাৰতীয় ব'ৰ্ডে এছিয়া কাপত নেখেলাৰ বিষয়ক লৈ এছিয়ান ক্রিকেট কাউন্সিললৈ পত্ৰ প্ৰেৰণ কৰিছে, যিটো সত্য নহয়। বি চি চি আয়ে এনেধৰণৰ কোনো পত্ৰ প্ৰেৰণ কৰা নাই। এই মুহূৰ্তত ব'র্ড আই পি এল আৰু অহা মাহত হ'বলগীয়া ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাক লৈ ব্যস্ত আছে। ভাৰতীয় পুৰুষ দলৰ লগতে মহিলা দলেও ইংলেণ্ড ভ্রমণ কৰিব জুন মাহত।'
এছিয়া কাপক লৈ এই মুহূর্তত কোনো আলোচনা হোৱা নাই বুলি জানিবলৈ দিয়ে ব'ৰ্ডৰ সচিবগৰাকীয়ে। এই পৰিস্থিতিত যদি কোনো প্রতিবেদনত ভাৰতৰ এছিয়া কাপত অংশগ্রহণক লৈ কোনো খবৰ প্রকাশিত হয় তেন্তে সেয়া গুজব। ব'র্ডে যথাসময়ত এ চি চি ইভেন্টসমূহক লৈ ঘোষণা কৰিব বুলি মত প্রকাশ কৰে শইকীয়াই। উল্লেখযোগ্য যে অহা ছেপ্টেম্বৰত পুৰুষৰ এছিয়া কাপ ভাৰতত অনুষ্ঠিত হোৱাৰ কথা আছে।