ডিজিটেল ডেস্ক : শিৱসাগৰ নগৰৰ সমীপৰ ঐতিহাসিক মানকটা আলিৰ দুয়োকাষে আৰু প্ৰাচীন চিৰিয়াখানা পহুগড়ত এতিয়া যেন ৰঙৰ উৎসৱ। কৃষ্ণচূড়াৰ অগ্নিবৰ্ণ আভা, ৰাধাচূড়াৰ কোমল হাঁহি আৰু সোণাৰুৰ হালধীয়া থোপাই পহুগড় তথা মানকটা অঞ্চলক ৰূপ দিছে এক অপূর্ব প্রাকৃতিক চিত্রশালাৰ। গ্ৰীষ্মৰ প্ৰখৰ উত্তাপৰ মাজতো ফুলৰ এই বৰ্ণিল সমাহাৰে সৃষ্টি কৰিছে এক স্নিগ্ধ, মনোমোহা পৰিৱেশ। প্ৰকৃতিৰ এই অপূর্ব ৰূপ উপভোগ কৰিবলৈ প্ৰতিদিনে ভিৰ কৰিছে বহু লোকে। কোনোৱে ম'বাইলৰ কেমেৰাত বন্দী কৰিছে এই সৌন্দর্য, কোনোৱে আকৌ কিছু সময়ৰ বাবে বিলীন হৈছে প্ৰকৃতিৰ সান্নিধ্যত। ফলস্বৰূপে পহুগড়ৰ এই ফুলেৰে সজোৱা পথ আৰু প্ৰান্তৰ এতিয়া সামাজিক মাধ্যমতো ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। কৃষ্ণচূড়া, ৰাধাচূড়া আৰু সোণাৰু-এই তিনিবিধ ফুলে অসমৰ গ্ৰীষ্মকালীন প্রকৃতিক এক অনন্য ৰূপ প্রদান কৰি আহিছে।
প্ৰকৃতিৰ ৰঙৰ পটত এই ফুলকেইবিধে যেন স্বকীয়তাৰে সৌন্দৰ্যৰ এক অপূর্ব সমাহাৰ গঢ়ি তোলে। কৃষ্ণচূড়া গছজোপা ফুলেৰে ভৰি উঠিলে দূৰৰ পৰাই যেন জুই জ্বলাৰ দৰে লাগে। উজ্জ্বল ৰঙা-কমলা পাহিবোৰে গছজোপাক সম্পূর্ণ আচ্ছাদিত কৰি তোলে। গ্রীষ্মৰ তীব্ৰ উত্তাপৰ মাজতো কৃষ্ণচূড়াই নিজৰ অগ্নিবৰ্ণ ৰূপেৰে প্রকৃতিক সজীৱ কৰি ৰাখে। আনহাতে, ৰাধাচূড়াৰ ফুলবোৰে সেউজীয়া পাতৰ মাজত সোণৰ মালা ওলমি থকাৰ দৰে অনুভূতি জগায়। কৃষ্ণচূড়াৰ উচ্ছ্বলতাৰ বিপৰীতে ৰাধাচূড়াৰ সৌন্দৰ্য শান্ত, কোমল আৰু মন প্রশান্তিকৰ। সোণাৰু ফুলেও এই সময়ছোৱাত প্রকৃতিক এক অনন্য ৰূপেৰে সজাই তোলে। ডালৰ পৰা ওলমি থকা সোণালী ফুলৰ থোপাবোৰে গছজোপাক যেন সোণেৰে সজাই তোলে। মৃদু বতাহত দুলি থকা সোণাৰুৰ ফুলবোৰে কেৱল প্রকৃতিকেই নহয়, মানুহৰ মনতো এক স্নিগ্ধ অনুভূতিৰ জন্ম দিয়ে। অসমীয়া সাহিত্য, সংস্কৃতি আৰু বিহু গীততো সোণাৰুৱে যুগে যুগে বিশেষ স্থান অধিকাৰ কৰি আহিছে। অসমৰ থলুৱা ফুলবিলাকৰ বহুতো প্রজাতি আজিকালি সাধাৰণ মানুহৰ দৃষ্টিৰ আঁৰতেই ৰৈ গৈছে। নতুন প্ৰজন্মৰ বহুতে এইবিলাক চিনি নাপায়। তথাপি থলুৱা ফুলৰ সৌন্দৰ্য আৰু সাংস্কৃতিক মূল্য আজিও অম্লান। যুগে যুগে এই ফুলবিলাকে কবি, গীতিকাৰ, সাহিত্যিক আৰু শিল্পীসকলক নতুন সৃষ্টিৰ অনুপ্ৰেৰণা যোগাই আহিছে। ফুলৰ বৈচিত্র্য আৰু ৰঙীন সৌন্দৰ্যই মানুহৰ মনত সৃষ্টিশীলতাৰ নতুন বীজ সিঁচি দিয়ে, জন্ম দিয়ে অসংখ্য কবিতা, গীত আৰু শিল্পকৰ্মৰ।
বাণিজ্যিক ক্ষেত্ৰত অৱহেলিত হ'লেও প্ৰকৃতিৰ বুকুত থলুৱা ফুলৰ সৌন্দৰ্য আজিও সমানে উজ্জ্বল। কৃষ্ণচূড়াৰ অগ্নিবর্ণ উচ্ছ্বাস, ৰাধাচূড়াৰ কোমল স্নিগ্ধতা আৰু সোণাৰুৰ হালধীয়া ঐশ্বৰ্যই পহুগড় আৰু মানকটা আলিৰ প্রাকৃতিক পৰিৱেশক আজিৰ তাৰিখত এক জীৱন্ত চিত্ৰলৈ ৰূপান্তৰিত কৰিছে। বাস্তৱ জগতৰ লগতে সামাজিক মাধ্যমৰ পৰ্দাতো এই ফুলবিলাকে নিজৰ স্বকীয় ৰূপেৰে মানুহৰ মন জয় কৰি আহিছে। পহুগড় আৰু মানকটাৰ এই মনোমোহা দৃশ্যই পুনৰ এবাৰ সোঁৱৰাই দিছে যে প্ৰকৃতিৰ সৰ্বশ্রেষ্ঠ শিল্পকর্ম কোনো শিল্পালয়ত নহয়, লুকাই থাকে আমাৰ চৌপাশৰ পৰিৱেশতেই। এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ যোৱা কেইবাদিনো ধৰি মানকটা আলিত ভিন্ন প্ৰজন্মৰ লোকৰ ব্যাপক সমাগম ঘটিছে। কোনোৱে বন্ধু-বান্ধৱীৰ সৈতে, কোনোৱে আকৌ পৰিয়ালৰ সদস্যসকলক লগত লৈ আহি প্ৰকৃতিৰ অপূর্ব সৌন্দর্য উপভোগ কৰিছে। ৰঙীন ফুলৰ সমাহাৰৰ মাজত প্ৰকৃতিৰ সৈতে একাত্ম হৈ সকলোৱে নিজৰ ম'বাইল কেমেৰাত বন্দী কৰি ৰাখিছে স্মৰণীয় মুহূর্ত আৰু ভাল লগা ছবিসমূহ।
উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় পাঁচ-ছবছৰ পূৰ্বে মানকটা আলিৰ দুয়োকাষে এই থলুৱা গছসমূহৰ পুলি ৰোপণ কৰা হৈছিল। এই সুদূৰপ্ৰসাৰী পদক্ষেপৰ আঁৰত আছিল সেই সময়ৰ শিৱসাগৰৰ এগৰাকী বন বিষয়া, পর্যটন বিভাগৰ বিষয়াসহ কেইবাজনো প্রকৃতিপ্রেমী ব্যক্তিৰ আন্তৰিক উদ্যোগ আৰু প্ৰচেষ্টা। আজিৰ এই মনোৰম ফুলৰ সমাহাৰে তেওঁলোকৰ সেই দূৰদৰ্শী চিন্তা আৰু প্রকৃতিপ্ৰেমৰেই সফল পৰিণতি প্রতিফলিত কৰিছে।