সেউজগৃহত গোলাপৰ খেতি কৰি এমাহৰ ভিতৰত হওক কোটিপতি  

Kakali Deka September 02, 2023

ডিজিটেল ডেস্কঃ যদি আপুনি ফল-মূল নাইবা অন্য খেতি কৰি ভাগৰি পৰিছে, তেন্তে এইবাৰ এই খেতি কৰক আপুনি এমাহৰ ভিতৰত হৈ যাব পাৰে কোটিপতি। ফল-মূলৰ বাহিৰেও কৃষকসকলে গোলাপৰ খেতি কৰি ভাল উপাৰ্জন কৰিব পাৰে। এই ফুল সজ্জাৰ বাবেও ব্যৱহাৰ কৰা হয়। এই ফুলৰ খেতি কৰিলে কৃষকৰ ভাগ্য সলনি হ’ব পাৰে।

সেউজগৃহত এই ফুলৰ খেতিৰ কৰিবৰ বাবে চৰকাৰে ৰাজসাহায্য  প্ৰদান কৰে। এটা সেউজগৃহ স্থাপনৰ বাবে প্ৰায় ৭০ লাখ টকাৰ খৰচ হয়। ইয়াৰ ৫০ শতাংশ ৰাজসাহায্য প্ৰদান কৰে ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডে। এই ফুলৰ খেতি কেৱল সেউজগৃহতহে কৰা হয়। গোলাপ খেতি কৰিবলৈ সেউজগৃহৰ ভিতৰত প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলছিয়াছ উষ্ণতা থকাটো প্ৰয়োজনীয়। 
ভাৰতৰ লগতে জাপান, নেদাৰলেণ্ড, অষ্ট্ৰেলিয়া আদি দেশতো গোলাপৰ চাহিদা অধিক। কৃষকে এই ফুলৰ খেতি কৰি বহিঃৰাজ্যত যোগান ধৰিব পাৰে। এই ফুলসমুহ ভাল দামত বিক্ৰী কৰা হয়। এই ফুলৰ খেতি কৰি কৃষকে প্ৰতিদিনে ১০ৰ পৰা ২০ হাজাৰ টকা লাভ কৰিব পাৰে। ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডেও ফুল উৎপাদনৰ ক্ষেত্ৰত উৎকৃষ্ট ৰাজসাহায্য প্ৰদান কৰে।

Share This