বেদব্ৰত ভৰালীৰ নতুন ৰাষ্ট্ৰীয় ৰেকৰ্ডসহ ত্রি-মুকুট অর্জন

dainik janambhumi February 12, 2026

ডিজিটেল ডেস্ক : অসম সন্তান বেদব্রত ভৰালীয়ে চমক সৃষ্টিৰে ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত নতুন ৰাষ্ট্ৰীয় ৰেকৰ্ডসহ ত্রি-মুকুট অর্জন কৰিছে। উত্তৰ প্ৰদেশৰ মোদী নগৰত চলি থকা (৩-১৪ ফেব্ৰুৱাৰী) ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাখনৰ ৭৯ কেজি শাখাত অৱতীৰ্ণ বেদব্রতে ছিনিয়ৰ, জুনিয়ৰ আৰু আন্তঃৰাজ্যিক কেউটা পৰ্যায়তে স্বর্ণ জয়ী কৃতিত্ব অৰ্জনৰ লগতে নতুন মীট ৰেকৰ্ড গঢ়ি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে।

৭৯ কেজিৰ প্ৰতিদ্বন্দ্বিতাত বেদব্রতে আজি জুনিয়ৰ শাখাৰ স্নেটচত পূৰ্বৰ ১৪০ কেজিৰ স্থানত ১৪৮ কেজি উত্তোলনৰ নতুন মীট ৰেকৰ্ড আৰু ক্লীন এণ্ড জাৰ্কত পূৰ্বৰ ১৭৫ কেজিৰ ঠাইত ১৮১ কেজিসহ মুঠ ৩২৯ কেজি ওজন উত্তোলনৰ ৰেকৰ্ড কৰে। আনহাতে, ৭৯ কেজিৰ ছিনিয়ৰ শাখাৰ স্নেটচত বেদব্ৰতে পূৰ্বৰ ১৪৭ কেজিৰ স্থানত ১৪৮, ক্লীন এণ্ড জাৰ্কত পূৰ্বৰ ১৮০ কেজিৰ ৰেকৰ্ড ভাঙি ১৮১ কেজি উত্তোলনৰ নতুন ৰেকৰ্ডসহ মুঠ ৩২৯ কেজি উত্তোলন কৰে।

ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱৰ পৰা ওলাই অহা বেদব্রতে প্রশিক্ষক বশিষ্ঠমুনী দেউৰীৰ অধীনত ভাৰোত্তোলনৰ আদিপাঠ শিকিছিল। ১০ বছৰ বয়সতে ভাৰোত্তোলন ক্ষেত্ৰত ভুমুকি মৰা অৰুণ দেউৰীৰ সন্তান বেদব্ৰতে যোৱা বছৰ আগষ্ট মাহত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনত অভিলেখৰ সৌধ গঢ়ি স্বর্ণ জয়ী সফলতা অৰ্জন কৰিছে। তদুপৰি, বেদব্রতে দেশৰ প্ৰথমগৰাকী ভাৰোত্তোলক ৰূপে বিশ্ব যুৱ চেম্পিয়নশ্বিপতো সোণৰ পদক অৰ্জনৰ কৃতিত্ব আৰ্জি থৈছে।

Share This