ডিজিটেল ডেস্ক : গুৱাহাটীৰ চিটি চেন্টাৰ শ্বপিং মলত দেওবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। মলটোৰ এটা খাদ্য বিপণীত চিকেন নুডলছৰ পেকেটত ওলাল নিষিদ্ধ মাংস। চিটি চেণ্টাৰৰ কে-ফুড নামৰ খাদ্য বিপণীখনত সংঘটিত এই ঘটনাৰ পাছতে তীব্র উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হয়। উল্লেখযোগ্য যে মলটোৰ তৃতীয় মহলাত থকা কে ফুড এন্টিনা নামৰ বিপণীত নিষিদ্ধ গো-মাংস বিক্রী কৰা হৈছিল। কোৰিয়ান কোম্পানীৰ নুডলৰ পেকেটত ওলাইছে নিষিদ্ধ মাংস।
দীপাংকৰ দাস, হীৰক তালুকদাৰ আৰু এনি থাপা নামৰ তিনি গ্রাহকে বিপণীখনত নুডল্ খোৱাৰ সময়তে এই কথা পোহৰলৈ আহে। কোৰিয়ান ভাষাত লিখা কথাবোৰ তেওঁলোকে গুগল ট্রান্সলেট কৰাৰ সময়ত খাদ্যত গো-মাংসৰ উপকৰণৰ উপস্থিতি ধৰা পৰে। গ্রাহককেইজনে লগে লগে এই সন্দর্ভত বিপণীখনৰ মেনেজমেণ্টক সোধা-পোছা কৰে। কিন্তু সেই সময়ত সদুত্তৰ দিব নিবিচৰা বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে।
পৰিস্থিতি জটিল হোৱাৰ উমান পাই বিপণী কর্তৃপক্ষই সামগ্ৰীবিধৰ লগতে অন্যান্য নিষিদ্ধ মাংসৰ উপকৰণ থকা সামগ্রীসমূহ গোপন স্থানলৈ স্থানান্তৰ কৰে। তাৰ পাছতে কর্তৃপক্ষই বিপণীখন বন্ধ কৰি তাৰ পৰা পলায়ন কৰে। ইফালে ভুক্তভোগী গ্রাহক দীপাংকৰ দাস, হীৰক তালুকদাৰ আৰু এনি থাপাই ঘটনা সন্দর্ভত দিশপুৰ আৰক্ষীক বিপণীখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।