ডিজিটেল ডেস্কঃ মাহ-হালধিৰে নুৱাইছে-ধুৱাইছে, আয়তীৰ বিয়া নাম, থাপনা পাতি পাঠকে পঢ়িছে পুথি, পৰম্পৰাগত ৰীতি-নীতিৰে মুখৰিত এখন বিয়া । বিয়াখনক লৈ ব্যাপক উছাহ ।
বিয়াখনত আয়তীয়ে দুটা কলগছৰ টুকুৰা আৰু ভেকুলীকহে নুৱাইছে-ধুৱাইছে, বহুৱাইছে সমাজত ।
আচলতে এয়া এখন ভেকুলীৰ বিয়াহে । কামপুৰৰ কাৱৈমাৰীৰ একাংশ ৰাইজে পাতিছে ভেকুলী বিয়া । কাৰণ এটাই, কামপুৰৰ দক্ষিণ কপিলী পাৰত এতিয়াও ছন পৰি ৰৈছে কৃষিভূমি, নাই পৰ্যাপ্ত বৰষুণ, কৃষকে আজিও ৰুব পৰা নাই হেঁপাহৰ খেতিডৰা । কাৱৈমাৰী অঞ্চলৰ কৃষকক ঢুকি পোৱা নাই বিয়াগোম জলসিঞ্চন বিভাগেও । যাৰ বাবে জলসিঞ্চন আঁচনিৰ পৰা বঞ্চিত কৃষক ৰাইজ শৰণাপন্ন হৈছে নেদেখাজনৰ । নেদেখাজনেই যেন এতিয়া শেষ ভৰষা কামপুৰৰ কাৱৈমাৰী অঞ্চলৰ কৃষকৰ । বৰষুণ কাৱৈমাৰীৰ একাংশ ৰাইজে অনুষ্ঠিত কৰিছে ভেকুলীৰ বিয়া । লোকবিশ্বাস অনুসৰি, ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতা সন্তুষ্ট হৈ বৰষুণ দিয়ে । যাৰ বাবে বৰষুণৰ কামনাৰে কাৱৈমাৰীৰ একাংশ ৰাইজে পাতিলে ভেকুলীৰ বিয়া ।