ভাৰতীয় বায়ু প্ৰতিৰক্ষাত নতুন যুগৰ সূচনা 

dainik janambhumi May 12, 2025

ডিজিটেল ডেস্ক : ২০১৬ চনৰ পৰা ২০১৯ চনলৈকে পাকিস্তানৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহত ভাৰতে চলোৱা আক্রমণসমূহৰ তুলনাত শেহতীয়াকৈ ভাৰতীয় সামৰিক বাহিনীয়ে 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিসমূহত চলোৱা এইবাৰৰ আক্ৰমণ অতি বৃহৎ আৰু সাহসী হিচাপে পৰিগণিত হৈছে। 

উৰি আৰু পুলৱামাত সন্ত্রাসবাদীয়ে বৰ্বৰ আক্ৰমণ পূর্বে চলোৱাৰ পাছত শেহতীয়াকৈ যোৱা মাহত পহলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত থকা সন্ত্রাসবাদীয়ে বৰ্বৰ আক্রমণ চলাই ২৬জনকৈ নিৰীহ ভাৰতীয় পৰ্যটকক হত্যা কৰিছিল। আৰু ইয়াৰ পৰাই পাকিস্তানে যে ভাৰতক ৰক্তাক্ত কৰাৰ ভয়ানক ষড়যন্ত্ৰ কৰিছে, সেয়া প্রমাণিত হ'ল। বহু দশক ধৰি পাকিস্তানী বাহিনীৰ সামৰিক পৃষ্ঠপোষকতাত সন্ত্রাসবাদীয়ে ভাৰতত বৰ্বৰ সন্ত্রাস কাৰ্য চলাই আহিছে। এই বাৰৰ পহলগামৰ আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে। সিন্ধু জল চুক্তি স্থগিত ৰখাৰ লগতে বহুতো নিষেধাজ্ঞা ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ঘোষণা কৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানত থকা সন্ত্রাসবাদীৰ ঘাটিসমূহ উৎখাত কৰাৰ প্রতিশ্রুতিবদ্ধ হ'ল। 

পহলগাম-কাণ্ডৰ দুসপ্তাহৰ পাছতেই ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ বিৰুদ্ধে 'অপাৰেশ্যন সেন্দূৰ' আৰম্ভ কৰিলে। এই 'অপাৰেশ্যন সেন্দূৰ' ইমানেই ভয়াৱহ আছিল যে এই আক্ৰমণৰ চৰ্চা সমগ্র বিশ্বব্যাপী হৈছে। মাত্র ২৫ মিনিটজোৰা অভিযান চলাই ভাৰতীয় বায়ু সেনাই ৭ মে'ৰ মাজনিশা পাকিস্তানৰ সন্ত্রাসবাদীৰ ৯টা স্থানৰ ২১টা ঘাটি বিধ্বস্ত কৰিলে। ইয়াৰ পাছতে পাকিস্তানে ভাৰতৰ ১৫ ঠাইত ৮ মে'ৰ নিশা আক্রমণ সংঘটিত কৰে। ড্ৰ'ন আৰু ক্ষেপণাস্ত্ৰৰে কৰা পাকিস্তানৰ এই আক্রমণক ভাৰতৰ চাৰিতৰপীয়া ৰক্ষাকৱচ হিচাপে পৰিচিত ৰাছিয়ান এছ-৪০০, ইজৰাইলী বাৰাক ৮, থলুৱাভাৱে নির্মিত আকাশ আৰু কিউ আৰ এছ এ এম মিছাইলে প্রতিহত কৰিবলৈ সক্ষম হয়। এছ-৪০০ 'সুদর্শন চক্র'ই পাকিস্তানৰ প্ৰতিটো আক্রমণ প্রতিহত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়। ভাৰতীয় বায়ু সেনাৰ এই পৰাক্ৰমে সমগ্র বিশ্বৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। এই পৰাক্ৰমৰ ওচৰত হাৰ মানি পাকিস্তানে শনিবাৰে যুদ্ধ বিৰতিৰ বাবে ভাৰতক অনুৰোধ কৰিবলৈ বাধ্য হ'ল।

Share This