এছ আই টিক তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ বিচাৰপীঠৰ, উচ্চতম ন্যায়ালয়ত ৰাম মন্দিৰৰ অৰিহণা চুৰিৰ প্ৰসংগ

dainik janambhumi July 14, 2026

ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰৰ ভক্তৰ দানৰ ধনৰ হৰণলুকীৰ ঘটনাৰ সন্দর্ভত বিশেষ তদন্তকাৰী দল (এছ আই টি)ৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূর্য কান্তৰ নেতৃত্বৰ বিচাৰপীঠে সোমবাৰে ৰাম মন্দিৰৰ ধনৰ হৰণলুকীৰ ঘটনাৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰ, শ্ৰীৰাম জন্মভূমি তীর্থক্ষেত্র ন্যাস আৰু এছ আই টিলৈ জাননী জাৰি কৰে। এছ আই টিক দিয়া নির্দেশনাত ন্যায়ালয়ে তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদনৰ লগতে তদন্তকাৰী দলটোৰ গঠন সন্দর্ভতো বিস্তৃত তথ্য জমা দিবলৈ কয়। 

ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই ৰাম জন্মভূমি ন্যাসলৈ জাননী জাৰি কৰাৰ বিৰোধিতা কৰিছিল যদিও ন্যায়ালয়ে ন্যাসলৈও নির্দিষ্ট বিষয়ত জাননী প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ৰাম মন্দিৰৰ দানৰ ধন চুৰিৰ ঘটনাৰ তদন্তৰ দায়িত্বৰ চি বি আইক অর্পণৰ আহবানেৰে উচ্চতম ন্যায়ালয়ত কেইবাখনো ৰাজহুৱা স্বার্থজড়িত আৱেদন দাখিল কৰা হৈছিল। 

এই আৱেদনৰ শুনানিৰ বাবে সোমবাৰৰ দিনটো তালিকাভুক্ত কৰা হৈছিল। সোমবাৰে আৱেদনৰ শুনানি গ্ৰহণৰ পূৰ্বে বিচাৰপীঠে এছ আই চিৰ তদন্তৰ অগ্রগতি কিমান আগবাঢ়িছে সেয়া পৰীক্ষা কৰিব বিচাৰে। যাৰ বাবে কেইবাটাও পক্ষলৈ জাননী প্ৰেৰণ কৰে। বিষয়টোৰ তদন্ত চি বি আইক অর্পণ কৰা-নকৰাৰ সন্দৰ্ভত ন্যায়ালয়ে অহা সপ্তাহত শুনানি গ্রহণ কৰিব।

Share This