ডিজিটেল ডেস্ক : ৰাজ্যৰ প্ৰায় ৭০ লাখ হিতাধিকাৰীয়ে প্রতিমাহে এশ টকাত পুনৰ লাভ কৰিব এক কেজিকৈ মচুৰ দাইল, নিমখ আৰু চেনি। লেখানুদান বাজেটৰ পৰিপ্ৰেক্ষিতত ধনৰ আবণ্টন নথকাত জুন মাহৰ পৰা এই তিনিওবিধ সামগ্ৰীৰ যোগান সুলভ মূল্যৰ দোকানত খাদ্য আৰু অসামৰিক যোগান বিভাগে বন্ধ ৰাখিছে।
অহা জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত উত্থাপন হ'বলগীয়া পূর্ণকালীন বাজেটৰ পাছত এই যোগান নিয়মীয়া হ'ব। বাজেট গৃহীত হৈ পুঁজি আবণ্টনৰ প্ৰক্ৰিয়াৰ অন্তত অৰ্থাৎ অহা আগষ্ট মাহৰ পৰাহে এই সামগ্ৰী কেইবিধ সামগ্রী পুনৰ উপভোক্তাই ৰেহাই দামত লাভ কৰিব।
খাদ্য আৰু অসামৰিক যোগান বিভাগে স্পষ্ট কৰিছে যে যোৱা মে' মাহৰ অন্ন সেৱা দিনত বিতৰণ সম্পন্ন হোৱাৰ পাছত কিছুসংখ্যক সুলভ মূল্যৰ দোকানত অৱশিষ্টভাৱে থকা মচুৰ দাইল, চেনি আৰু নিমখ অন্ত্যোদয়া পৰিয়ালক অগ্রাধিকাৰ প্ৰদানেৰে বিতৰণৰ বাবে উপলব্ধ কৰা হ'ব। অৱশ্যে এই সময়ছোৱাত ৰাইজৰ বাবে আবণ্টিত বিনামূলীয়া চাউলৰ বিতৰণ প্ৰতিমাহে অব্যাহত থাকিব।