'জনতাক মূর্খ সজাব পৰাজনেই শ্রেষ্ঠ নেতা'

dainik janambhumi September 02, 2025

ডিজিটেল ডেস্ক: স্পষ্টবাদী মন্তব্যৰ বাবে জনাজাত পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্রী নীতিন গডকাৰিয়ে ৰাজনীতি আৰু নেতাৰ সন্দৰ্ভত তেওঁৰ শেহতীয়া মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰিছে। নাগপুৰত এটা অনুষ্ঠানত গডকাৰিয়ে কয়, 'যি জনতাক আটাইতকৈ ভালদৰে মূৰ্খ সজাব পাৰে, সিয়ে আটাইতকৈ ভাল নেতা হ'ব পাৰে।'

তেওঁৰ কথা ব্যাখ্যা কৰি গডকাৰিয়ে কয় যে কোৱাটো সহজ আৰু কৰাটো কঠিন। তেওঁ নিজৰ অভিজ্ঞতাৰ পৰা কয়, 'অন্তৰেৰে সত্য কোৱাক সদায়ে নিৰুৎসাহ কৰা হয়।' তেওঁ আৰু কয় যে যি নেতাই জনতাক মূর্খ সজাই পতিয়ন নিয়াব পাৰে, তেওঁ সদায়েই সফল হয়। একে সময়তে গডকাৰিয়ে সত্যৰ মূল্যবোধতো গুৰুত্ব দিয়ে। তেওঁ কয়, 'এটা কথা অৱশ্যে সত্য- ভগৱান কৃষ্ণই ভগৱত গীতাত লিখিছে যে সত্য হৈছে পৰম বিজয়ী।' সাফল্যৰ 'শ্বৰ্টকাৰ্ট'ৰ (অনিয়মৰ চমুপথ) বিষয়ে সকীয়াই দিয়া ভাষণত তেওঁ কয়, 'সফলতা লাভ কৰিবলৈ শ্বর্টকার্ট আছে- আপুনি নিয়ম ভংগ কৰিব পাৰে, ৰেড ছিগনেল পাৰ হৈ যাব পাৰে, কিন্তু এজন দার্শনিকে কৈছে যে শ্বর্টকার্টে আপোনাক মাজতে বাধা দিব পাৰে।'

গডকাৰিয়ে দেওবাৰে নাগপুৰত এখন সভাত জনসাধাৰণক ধৰ্মৰ কামৰ পৰা মন্ত্রী-নেতাক আঁতৰাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে ধৰ্মৰ আঁৰৰ ৰাজনীতি সমাজৰ বাবে ক্ষতিকাৰক। গডকাৰিয়ে কয় ধর্ম কার্য, সামাজিক কাৰ্য আৰু ৰাজনৈতিক কার্য পৃথক পৃথক। ধর্ম হৈছে ব্যক্তিগত শ্রদ্ধাৰ বিষয়। কিছু ৰাজনীতিকে ইয়াক ব্যৱহাৰ কৰে।

Share This